হিতো 14:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 য’ত গৰু নাথাকে তাত দানা পাত্ৰ নিকা হৈ থাকে; কিন্তু ষাঁড় গৰুৰ বলেৰে অধিক শস্য উৎপন্ন হয়। |
আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে; দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়; আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়।
দুখীয়াসকলে নতুন মাটিত চহালে বহুতো শস্য উৎপন্ন হয়; কিন্তু অন্যায়ৰ দ্বাৰাই ই নষ্ট হয়।
অজ্ঞানীলোকৰ মুখৰ পৰা তেওঁৰ অহঙ্কাৰৰ অঙ্কুৰ ওলাই; কিন্তু জ্ঞানীলোকৰ ওঁঠে সেইবোৰ সংৰক্ষিত কৰে।
“মই তোমালোকৰ নগৰবোৰত আহাৰ নিদি তোমালোকৰ দাঁত পৰিস্কাৰ কৰি ৰাখিলোঁ আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ কৰিলোঁ; তথাপি, তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।