হিতো 12:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই; কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়। |
প্রজ্ঞা হৃদয়ৰ সক্ষ্মদর্শীতাত প্রতিষ্ঠিত হয়; কিন্তু অজ্ঞানীলোক সকলৰ মাজতো তেওঁ নিজকে প্রকাশ কৰে।
বিবেচক লোকৰ বাবে সুবিবেচনা জীৱনৰ ভুমুকস্বৰূপ; কিন্তু অজ্ঞানী সকলৰ শাস্তি তেওঁলোকৰ অজ্ঞানতা।
যি জনে অপৰাধ ঢাকে, তেওঁ প্ৰেমৰ চেষ্টা কৰে; কিন্তু যি কোনোৱে একে বিষয় বাৰে বাৰে কৈ থাকে, তেওঁ প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
গধুৰ শিল, আৰু বালিৰ ওজনৰ গুৰুত্ব বিবেচনা কৰা; কিন্তু অজ্ঞানী লোকৰ উত্তেজনা এই দুয়োটাতকৈ গধুৰ।
অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাব প্ৰকাশ কৰে; কিন্তু জ্ঞানী লোকে নিজৰ মনৰ ভাব দমন কৰি শান্ত হৈ থাকে।
হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,