ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়; কিন্তু দুষ্টলোকৰ মুখৰ দ্বাৰাই নগৰ উচ্ছন্ন হয়।
হিতো 10:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে; কিন্তু দুষ্টলোকৰ মুখে উচ্ছৃঙ্খলতা কি সেই বিষয়ে জানে। |
ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়; কিন্তু দুষ্টলোকৰ মুখৰ দ্বাৰাই নগৰ উচ্ছন্ন হয়।
যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।
দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়; কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে।
সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে; কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়।
এই কাৰণে, হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক; পাপ নকৰিব, আৰু সৎ কাৰ্য কৰক। নিপীড়িত সকলক দয়া কৰক আৰু আপুনি অপৰাধৰ পৰা দূৰ হওক; তাৰ দ্বাৰাই আপোনাৰ উন্নতি দীৰ্ঘকালীন হ’ব পাৰে।