ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে? বহু কথা কোৱা মানুহক জানো নিৰ্দ্দোষী কৰা হ’ব?
হিতো 10:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অধিক কথাত অপৰাধৰ অভাৱ নাই; কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী। |
ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে? বহু কথা কোৱা মানুহক জানো নিৰ্দ্দোষী কৰা হ’ব?
মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম; যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ; যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম।”
জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।
ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধানে ৰাখিবা। যিসকলে নিজে কৰা অন্যায় কামবোৰ বুজি নাপায়, তেনে অজ্ঞানী লোকৰ দৰে বলিদান কৰাতকৈ বৰং তাত শুনিবলৈ ওচৰ চপাই ভাল।
তোমাৰ মুখে কেতিয়াও বেগা-বেগীকৈ কথা নকওঁক। ঈশ্বৰৰ আগত বেগা-বেগীকৈ কোনো কথা উচ্চাৰণ নকৰিবা; কিয়নো ঈশ্বৰ স্বৰ্গত আৰু তুমি পৃথিবীত আছা; এই হেতুকে তোমাৰ কথা যেন অলপ হয়।
অধিক কাৰ্যৰ ভাৱ-চিন্তা থাকিলে মানুহে যেনেকৈ সপোন দেখে, তেনেকৈ আৰু অধিককৈ কথা ক’লে অজ্ঞানতা প্রকাশ পায়।
হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,
কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।