হিতো 10:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ঘৃণাই বিবাদ জন্মায়; কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে। |
যি জনে অপৰাধ ঢাকে, তেওঁ প্ৰেমৰ চেষ্টা কৰে; কিন্তু যি কোনোৱে একে বিষয় বাৰে বাৰে কৈ থাকে, তেওঁ প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
যিদৰে গাখীৰ মন্থন কৰিলে মাখন হয়, আৰু নাক মোহাৰিলে তেজ ওলায়, সেইদৰে ক্ৰোধে বিবাদ সৃষ্টি কৰে।
আপোনালোকৰ মাজত হাই-কাজিয়া আৰু বিৰোধ নো ক’ৰ পৰা হয়? আপোনালোকৰ অঙ্গ-প্ৰত্যঙ্গত যুদ্ধ কৰা যি যি কু-অভিলাষ, সেইবোৰৰ পৰা নহয় নে?
তেনেহলে তেওঁ ইয়াকে জানক যে, যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেই জনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপ সমূহ ঢাকা হ’ব৷
বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।