যদি তেওঁৰ উপহাৰ ষাঁড়-গৰুৰ জাকৰ পৰা অনা হোম বলি হয়, তেন্তে নিৰ্ঘূণী মতা গৰু উৎসৰ্গ কৰিব লাগিব। যিহোৱাৰ আগত গ্ৰাহ্য হ’বৰ কাৰণে, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ইয়াক উৎসৰ্গ কৰিব লাগিব।
লেবীয়া 5:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ দোষাৰ্থক বলি দানৰ বাবে, জাকৰ পৰা তোমাৰ নিৰূপিত মূল্য এটা নিৰ্ঘূণী মতা মেৰ পুৰোহিতৰ ওচৰলৈ আনিব আৰু পুৰোহিতে, তেওঁ নাজানি কৰা দোষৰ বাবে তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপৰ ক্ষমা হ’ব। |
যদি তেওঁৰ উপহাৰ ষাঁড়-গৰুৰ জাকৰ পৰা অনা হোম বলি হয়, তেন্তে নিৰ্ঘূণী মতা গৰু উৎসৰ্গ কৰিব লাগিব। যিহোৱাৰ আগত গ্ৰাহ্য হ’বৰ কাৰণে, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ইয়াক উৎসৰ্গ কৰিব লাগিব।
পাছত তেওঁ হোম-বলিৰ মূৰত হাত দিব; তেতিয়া সেই বলি তেওঁৰ প্ৰায়শ্চিত্তৰ অৰ্থে তেওঁৰ পক্ষত গ্ৰাহ্য হ’ব।
পাছত পুৰোহিত জনে সেই মেৰ-ছাগ পোৱালি দুটাৰ এটা পোৱালি, সেই এক “লোগ” তেলেৰে সৈতে দোষাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব, আৰু দোলনীয় নৈবেদ্যৰ অৰ্থে সেইবোৰ যিহোৱাৰ সন্মুখত তুলি দিব।
তেওঁ সেই দমৰা ষাঁড়-গৰুটোকো এইদৰে কৰিব। পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা গৰুটো যেনেকৈ কৰে, তেনেকৈ ষাঁড়-গৰুটোকো কৰিব। এইদৰে পুৰোহিত জনে লোকসকলক প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁলোকৰ পাপ ক্ষমা হ’ব।
আৰু কোনোৱে যদি যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰি পাপ কৰে, তেন্তে তেওঁ তাক নাজানিলেও দোষী হ’ব; আৰু নিজ অপৰাধৰ ফল ভোগ কৰিব।
তেতিয়া সেয়ে যদি সমাজে নজনাকৈ ভূলক্ৰমে কৰা হয়, তেন্তে গোটেই সমাজে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোমৰ কাৰণে এটা দমৰা আৰু নিয়ম মতে তাৰ ভক্ষ্য আৰু পেয় নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব।