পাছত তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে সেই ছাগলীবোৰ ৰজা আৰু সমাজৰ আগলৈ আনিলে৷ তাৰ পাছত তেওঁলোকে সেইবোৰৰ ওপৰত হাত ৰাখিলে।
লেবীয়া 4:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ সেই দমৰা ষাঁড়-গৰুটো সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখেৰে যিহোৱাৰ আগলৈ আনিব আৰু ষাঁড়-গৰুটোৰ মূৰত হাত দি, যিহোৱাৰ সন্মুখত তাক কাটিব। |
পাছত তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে সেই ছাগলীবোৰ ৰজা আৰু সমাজৰ আগলৈ আনিলে৷ তাৰ পাছত তেওঁলোকে সেইবোৰৰ ওপৰত হাত ৰাখিলে।
আমি সকলোৱে মেৰ-ছাগৰ দৰে অপথে গৈছিলোঁ; আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘুৰিছিলোঁ, আৰু যিহোৱাই আমাৰ সকলোৰে ঘোৰ অধর্মৰ ভাৰ তেওঁৰ ওপৰত দিলে।
বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।
পাছত তেওঁ তেওঁৰ হাত দুখন সেই জীয়া ছাগলীটোৰ মুৰত দিব; আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো অপৰাধ আৰু তেওঁলোকৰ আটাই অধৰ্ম, তেওঁলোকৰ সকলো পাপ তাৰ ওপৰত স্বীকাৰ কৰি, তেওঁ সেই সকলোকে সেই ছাগলীৰ মুৰত অৰ্পণ কৰিব। পাছে যুগুতে থকা মানুহ এটাৰ হতুৱাই তাক মৰুভূমিলৈ পঠিয়াই দিব।
তেতিয়া সমাজৰ পৰিচাৰকসকলে যিহোৱাৰ সন্মুখত সেই ষাঁড়-গৰুটোৰ মূৰত হাত দিব আৰু তেওঁলোকৰ এজনে যিহোৱাৰ সন্মুখত তাক কাটিব।
তেতিয়া মোচিয়ে পাপাৰ্থক বলিদানৰ বাবে অনা দমৰা গৰুটো লৈ অহাৰ পাছত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই পাপাৰ্থক গৰুটোৰ মূৰত হাত দিলে।
পাছত লেবীয়াসকলে সেই দুটা দমৰা ষাঁড়-গৰুৰ মূৰত হাত দিব; আৰু তুমি লেবীয়াসকলক প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা দমৰা ষাঁড়-গৰু পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা।
খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল;