এই হেতুকে, তেওঁলোকে ভতৰাবোৰ মাৰিলে আৰু পুৰোহিতসকলে সেইবোৰৰ তেজ লৈ বেদীত ছটিয়ালে; আৰু মতা ভেড়াবোৰ মাৰি সেই তেজবোৰ বেদীত ছটিয়ালে; আৰু ভেড়া পোৱালিবোৰ মাৰি, সেইবোৰৰ তেজ বেদীত ছটিয়ালে।
লেবীয়া 4:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ সেই তেজৰ পৰা কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা বেদীৰ শিঙত লগাব, আৰু অৱশিষ্ট থকা তেজখিনি তেওঁ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থকা হোমবেদিৰ মূলত ঢালি দিব। |
এই হেতুকে, তেওঁলোকে ভতৰাবোৰ মাৰিলে আৰু পুৰোহিতসকলে সেইবোৰৰ তেজ লৈ বেদীত ছটিয়ালে; আৰু মতা ভেড়াবোৰ মাৰি সেই তেজবোৰ বেদীত ছটিয়ালে; আৰু ভেড়া পোৱালিবোৰ মাৰি, সেইবোৰৰ তেজ বেদীত ছটিয়ালে।
তুমি বধ কৰা দমৰাটোৰ কিছু অংশ তেজ লৈ, আঙুলিৰে বেদীৰ শিঙত লগাবা, আৰু বাকী তেজখিনি বেদীৰ ভিত্তিমূলত বাকি দিবা।
বছৰত এবাৰ হাৰোণে তাৰ শিংবোৰ পবিত্রকৃত কৰিব। তোমালোকৰ পুৰুষানুক্ৰমে প্ৰায়শ্চিত্তাৰ্থক পাপ-বলিৰ তেজেৰে তেওঁ বছৰত এবাৰ পবিত্রকৃত কৰিব। এই বেদী যিহোৱাৰ উদ্দেশ্যে অতি পবিত্ৰ হ’ব।
তেতিয়া পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ অলপ তেজ লৈ, হোমবেদীৰ শিঙত লগাব; আৰু অৱশিষ্ট তেজ খিনি হোমবেদিৰ মূলত ঢালি দিব।
তেতিয়া পুৰোহিতে আঙুলিৰে তাৰ কিছু তেজ লৈ, হোমবেদিৰ শিঙত লগাব আৰু তাৰ অৱশিষ্ট তেজখিনি বেদিৰ মূলত ঢালি দিব।
পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ হোম-বেদিৰ শিঙত লগাব আৰু অৱশিষ্ট তেজখিনি বেদিৰ মূলত ঢালি দিব।
পুৰোহিত জনে তাৰে কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা সুগন্ধি ধূপৰ বেদীৰ শিঙত লগাব; তেওঁ ভতৰা গৰুটোৰ বাকী তেজখিনি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত থকা হোম-বেদিৰ মূলত ঢালি দিব।
তাৰ পাছত পাপাৰ্থক বলিৰ অলপ তেজ বেদীৰ গাত ছটিয়াব আৰু অৱশিষ্ট তেজখিনি বেদীৰ মুলত বাকি দিব লাগিব; এয়ে পাপাৰ্থক বলি।
আৰু পবিত্ৰ স্থানত প্ৰায়শ্চিত্ত কৰিবৰ বাবে যি পাপাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ অনা হ’ব, সেই বলিৰ অলপো ভোজন কৰা নহব; তাক জুইত পুৰি পেলোৱা হ’ব।
তেওঁ তাক কাটিলে আৰু মোচিয়ে তাৰ কিছু তেজ লৈ, আঙুলিৰে বেদীৰ চাৰিওফালৰ শিঙত লগাই বেদীটো পাপৰ পৰা মুক্ত কৰিলে; আৰু বাকী তেজখিনি লৈ, বেদীৰ মূৰত ঢালি দিলে আৰু তাক প্ৰায়চিত্ত কৰি পবিত্ৰ কৰিলে।
পাছত হাৰোণৰ পুত্ৰসকলে সেই বলিৰ তেজ তেওঁৰ ওচৰলৈ আনিলে; আৰু তেওঁ নিজ আঙুলি তেজত জুবুৰিয়াই বেদীৰ শিঙত লগালে, পাছত অৱশিষ্ট তেজখিনি বেদীৰ মুলত ঢালি দিলে।