অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




লেবীয়া 25:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু যদি তেওঁ তাক ওলোটাই লবলৈ অসমৰ্থ হয়, তেন্তে সেই বেচা মাটি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে কিনা জনৰ হাতত থাকিব, পাছত বৰ্ষপূৰ্তি উৎসৱৰ বছৰত সেয়ে মুকলি হ’ব, তেতিয়া তেওঁৰ সেই উত্তৰাধীকাৰ তেওঁ পুনৰায় পাব।

অধ্যায়টো চাওক



লেবীয়া 25:28
11 পৰস্পৰ সংযোগসমূহ  

কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।”


তোমালোকে পঞ্চাশ বছৰটো পবিত্ৰ বুলি মানিবা, আৰু গোটেই দেশত তাৰ সকলো নিবাসীসকললৈ মুক্তি ঘোষণা কৰিবা; সেয়ে তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব, আৰু তোমালোক প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰলৈ উলতি যাবা আৰু দাসবোৰক নিজ নিজ গোষ্ঠীৰ ওচৰলৈ পঠিয়াই দিবা।


সেই বৰ্ষপূৰ্তি উৎসৱৰ বছৰত তোমালোকে সকলোকে নিজ নিজ উত্তৰাধিকাৰবোৰ ঘূৰাই দিবা।


আৰু যদি গড়েৰে আবৃত থকা নগৰৰ ভিতৰত বাস কৰা ঘৰ কোনোৱে বেচে, তেন্তে তেওঁ বেচাৰ পাছত সম্পূৰ্ণ এবছৰৰ ভিতৰত তাক মুকলি কৰিব পাৰিব; গোটেই বছৰৰ ভিতৰত তাক মুকলি কৰিবলৈ তেওঁৰ ক্ষমতা থাকিব।


কিন্তু যদি পুৰা এবছৰৰ ভিতৰত তাক মুকলি কৰা নহয়, তেন্তে গড়েৰে আবৃত থকা নগৰৰ সেই ঘৰ পুৰুষানুক্ৰমে চিৰকাললৈ কিনা জনৰ অধিকাৰ হ’ব; সেইয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰতো মুকলি নহ’ব।


তাৰ পাছত তেওঁ নিজ সন্তান সকলৰে সৈতে মুকলি হৈ নিজ গোষ্ঠীৰ ওচৰলৈ উভতি যাব।


সেই মাটি যাৰ পৰা কিনা হৈছিল, তেওঁ, সেই মাটিৰ যাৰ স্বত্ত্ব আছিল, তেওঁৱেই যোৱেল বছৰত তাক পুনৰায় পাব।