তেওঁৰ লোকসকলৰ পৰা অহা তোমালোকৰ মাজত যি কোনো লোক ইয়াত আছে, তেওঁৰ ঈশ্বৰ তেওঁৰ লগত থাকক, আৰু যিহূদা দেশৰ যিৰূচালেমলৈ উঠি গৈ, যি জন যিৰূচালেমৰ ঈশ্ৱৰ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্মাণ কৰিব।
লেবীয়া 25:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমালোকে পঞ্চাশ বছৰটো পবিত্ৰ বুলি মানিবা, আৰু গোটেই দেশত তাৰ সকলো নিবাসীসকললৈ মুক্তি ঘোষণা কৰিবা; সেয়ে তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব, আৰু তোমালোক প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰলৈ উলতি যাবা আৰু দাসবোৰক নিজ নিজ গোষ্ঠীৰ ওচৰলৈ পঠিয়াই দিবা। |
তেওঁৰ লোকসকলৰ পৰা অহা তোমালোকৰ মাজত যি কোনো লোক ইয়াত আছে, তেওঁৰ ঈশ্বৰ তেওঁৰ লগত থাকক, আৰু যিহূদা দেশৰ যিৰূচালেমলৈ উঠি গৈ, যি জন যিৰূচালেমৰ ঈশ্ৱৰ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্মাণ কৰিব।
তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, ক্ষুধাতুৰবোৰক আহাৰ দান কৰে; যিহোৱাই বন্দীবোৰক মুক্ত কৰে;
“মই যিহোৱা, তোমালোকৰ ঈশ্বৰ, মিচৰ দেশৰ বন্দীঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
অন্ধকূপত থকা বন্দীসকলক তুমি কোৱা ‘ওলাই আহাঁ,’আৰু ‘নিজক দেখুৱা।’ তেওঁলোকে পশুবোৰক বাটৰ কাষে কাষে চৰাব, আৰু আটাই খালী এঢলীয়া ঠাই সিহঁতৰ চৰণীয়া ঠাই হ’ব।
তেতিয়া সকলো প্ৰধান লোক আৰু আটাই প্ৰজা এই নিয়মটিত মান্তি হ’ল। প্ৰত্যেকে নিজৰ বন্দীক আৰু নিজৰ বেটীক মুকলি কৰি দিব আৰু কোনেও যেন তেওঁলোকক আৰু কেতিয়াও বন্দী-কাম নকৰাব। লোকসকলে এই নিয়মটিত মান্তি হৈ তেওঁলোকক এৰি দিলে।
বন্দী-বেটীৰ আগত মুক্তি ঘোষণা কৰিবলৈ, চিদিকিয়া ৰজাই যিৰূচালেমত থকা আটাই প্ৰজাৰে সৈতে এটি নিয়ম স্থাপন কৰাৰ পাছত, যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল -
কিন্তু তেওঁ যদি তেওঁৰ আধিপত্যৰ পৰা তেওঁৰ বন্দীবোৰৰ কোনো বন্দীক কিবা বস্তু দান কৰে, তেন্তে সেয়ে মুক্তিৰ বছৰলৈকে তাৰ হৈ থাকিব; তাৰ পাছত অধিপতিজনৰ পুনৰায় হ’ব। কিন্তু তেওঁৰ আধিপত্য হ’লে তেওঁৰ পুত্ৰসকলৰ হ’ব।
সেই পঞ্চাশ বছৰটো তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব; সেই বছৰত তোমালোকে গুটি নববা, নিজে হোৱা শস্যও নাদাবা আৰু কলম নিদিয়া দ্ৰাক্ষালতাৰ গুটিও নচপাবা।
আৰু যদি তেওঁ এইবোৰ উপায়েৰে মুক্ত হ’ব নোৱাৰে, তেন্তে নিজ সন্তান সকলৰে সৈতে বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব।
শত্রুবোৰৰ হাতৰ পৰা আমাক মুক্ত কৰিম বুলি তেওঁ প্রতিশ্রুতি দিলে, যাতে আমি নির্ভয়ে তেওঁৰ আগত সেৱা কৰিব পাৰোঁ,
কিয়নো আৰব দেশত হাগাৰ শব্দৰ অৰ্থ, চীনয় পৰ্বত; আৰু বৰ্তমানে থকা যিৰূচালেমকো বুজায়; কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছিল।
হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক।
আপোনালোকে স্বাধীন লোকৰ দৰে হয়; কিন্তু সেই স্বাধীনতাক দুষ্টতাৰ ঢাকনি নকৰিব, বৰং ঈশ্বৰৰ দাস সকলৰ দৰে জীৱন-যাপন কৰক।