যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে। তোমালোকে যিহোৱাৰ প্রশংসা কৰা।
লেবীয়া 20:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই হেতুকে তোমালোকে বাস কৰিবৰ বাবে যি দেশলৈ মই তোমালোকক লৈ আহিছোঁ, সেই দেশে যেন তোমালোকক বতিয়াই নেপেলায় এই কাৰণে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন প্ৰণালী পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা। |
যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে। তোমালোকে যিহোৱাৰ প্রশংসা কৰা।
মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, হে যিহোৱা, মোক উত্তৰ দিয়া; মই তোমাৰ বিধিবোৰ পালন কৰিম।
মোক জীয়াই থাকিবলৈ দিয়া যাতে মই তোমাৰ প্রশংসা কৰিব পাৰোঁ; তোমাৰ শাসন-প্রণালীবোৰে মোক সহায় কৰক।
আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি, তোমালোকক মোৰ বিধিবোৰত চলাম; তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবা।
এতেকে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন-প্ৰণালী পালন কৰি, সেই অনুসাৰে আচৰণ কৰিবা। মই যিহোৱা’।”
মই জাতিবোৰৰ মাজত তোমালোকক গোট গোট কৰিম, আৰু মোৰ তৰোৱাল উলিয়াই তোমালোকৰ পাছত খেদি যাম; তাতে তোমালোকৰ দেশ উচ্ছন্ন আৰু নগৰবোৰ ধ্বংশ কৰা হ’ব।
এইবোৰ চুক্তি কৰি শিক্ষা, বিধি-বিধান মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক মিচৰৰ পৰা উলিয়াই অনা সময়ত দিছিল।
তেতিয়া মোচিয়ে গোটেই ইস্ৰায়েলীয়াসকলক মাতি আনি ক’লে, “হে ইস্ৰায়েল, আজি মই যি যি বিধি আৰু ব্যৱস্থা আপোনালোকক জনাম সেইবোৰ শুনক আৰু শিকি পালন কৰি সেই মতে কাৰ্য কৰিব।