অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




লেবীয়া 15:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু যিজনে তেওঁৰ শয্যা চুব; তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।

অধ্যায়টো চাওক



লেবীয়া 15:21
9 পৰস্পৰ সংযোগসমূহ  

মই শুনা বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই কোৱা কথা এই, “তোমালোকৰ এই অপৰাধ ক্ষমা কৰা নহ’ব, এনে কি, তোমালোকে মৰিলেও নহ’ব” এইয়ে বাহিনীসকলৰ যিহোৱা প্ৰভুৰ কোৱা কথা।


তোমালোক এই জন্তুবোৰৰ দ্বাৰাই সন্ধিয়ালৈকে অশুচি হৈ পৰিবা, যদি কোনোৱে এইবোৰৰ শৱবোৰো স্পৰ্শ কৰে, তেৱোঁ অশুচি হ’ব।


আৰু সেই অশৌচৰ কালত তেওঁ য’ত শুব, সেই ঠাইও অশুচি হ’ব; আৰু য’ত তেওঁ বহিব, সেইবোৰো অশুচি হ’ব।


আৰু যিজনে তেওঁ বহা আসন চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।


আৰু সেই অশুচি লোকে যি কিছু চুব, সেয়ে অশুচি হ’ব; আৰু যি লোকে তাক চুব, তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।”


এই হেতুকে, হে প্ৰিয় ভাই আৰু ভনী সকল, এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহক, আমি শৰীৰ আৰু আত্মাৰ সকলো অশুচিতাৰ পৰা নিজকে শুচি কৰি, ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁহক।


সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখভোগ কৰিব লাগিলহেঁতেন; কিন্তু এতিয়া তেওঁ আত্ম-বলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ’ল।


তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে”। তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেৰ-পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।