যদি কোনো পুৰুষৰ স্বাভাৱিকভাৱে বীৰ্য্যপাত হয়, তেন্তে তেওঁ নিজৰ গোটেই শৰীৰ পানীত ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু যিকোনো বস্তুত বা ছালত বীৰ্য্য লাগিলে, তাক পানীত ধুব লাগিব আৰু সেয়ে সন্ধিয়ালৈকে অশুচি হৈ থাকিব। |
যদি কোনো পুৰুষৰ স্বাভাৱিকভাৱে বীৰ্য্যপাত হয়, তেন্তে তেওঁ নিজৰ গোটেই শৰীৰ পানীত ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
আৰু কোনো পুৰুষে স্ত্রীৰ সৈতে শয়ন কৰোঁতে যদি বীৰ্য্যপাত হয়, তেওঁলোক দুয়ো পানীত গা ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
হাৰোণৰ বংশৰ মাজত যিজন লোক কুষ্ঠৰোগী বা যিজনৰ গাৰ পৰা কিবা বৈ থকা ৰোগ থাকে, তেওঁ শুচি নহয় মানে পবিত্ৰ বস্তুৰ একোকে ভোজন কৰিব নোৱাৰিব। আৰু মৰা শৱৰ দ্বাৰাই অশুচি হোৱা বস্তু চুব বা যিজনৰ বীৰ্য্যপাত হ’ব,
আৰু সীহ আদি যিবোৰ বস্তু জুইত নুপোৰে, সেই সকলোকে জুইৰ মাজেদি নিবা, তেতিয়া সেয়া শুচি হ’ব। তাৰ পাছত তোমালোকে তাক অশুচিতা-নাশক জলৰ দ্বাৰাই শুচি কৰিব লাগিব; কিন্তু যি যি বস্তু জুইত পোৰে, তাক প্রথমে তোমালোকে সেই পানীৰে শুচি কৰিবা।
সন্ধিয়া হৈ আহিলে তেওঁ নিজে পানীত গা ধুব। সূৰ্য মাৰ যোৱাৰ পাছত তেওঁ ছাউনিলৈ ঘূৰি যাব পাৰিব।
কিছুলোকক জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰক আৰু কিছুমান লোকক ভয়েৰে দয়া কৰক, মাংসৰ দ্বাৰা কলঙ্কিত বস্ত্ৰ ঘিণ কৰক।