তুমি তোমাৰ লগত প্রতিবিধ শুচি পশুৰ মতা মাইকী সাতোটা সাতোটা আৰু অশুচি পশুৰ মতা মাইকী এযোৰ এযোৰ কৈ আনিবা।
লেবীয়া 11:47 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পশু, পক্ষী; জলচৰ আৰু বগাই ফুৰা উৰগ আদি প্ৰাণীবোৰৰ বিষয়ে এই নিয়ম’।” |
তুমি তোমাৰ লগত প্রতিবিধ শুচি পশুৰ মতা মাইকী সাতোটা সাতোটা আৰু অশুচি পশুৰ মতা মাইকী এযোৰ এযোৰ কৈ আনিবা।
তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; তেওঁলোকে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা তেওঁলোকৰ চকু ঢাকে আৰু মই তেওঁলোকৰ মাজত অপবিত্ৰীকৃত হ’লো।
আৰু তেওঁলোকে মোৰ প্ৰজাসকলক পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ শিকাব, শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ শিকিব।
কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য আৰু পান কৰা দ্ৰাক্ষাৰসেৰে সৈতে নিজকে অশুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল; সেই বাবে দানিয়েলে নপুংসকসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে, যাতে তেওঁ এইবোৰ খাদ্য গ্রহণ কৰি অশুচি নহয়।
তেতিয়া পুনৰায় তোমালোক ঘূৰি আহিবা; ধাৰ্মিক আৰু দুষ্টৰ মাজত, অর্থাৎ ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।”