অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




লেবীয়া 10:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া মোচিয়ে পুৰুষাৰ্থ কৰি, পাপাৰ্থক বলিদানৰ অৰ্থে দিয়া ছাগলীটো বিচাৰোতে দেখিলে যে, তাক পুৰি ভস্ম কৰা হ’ল। গতিকে তেওঁ হাৰোণৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক ক’লে,

অধ্যায়টো চাওক



লেবীয়া 10:16
12 পৰস্পৰ সংযোগসমূহ  

অবীচুৱা, পীনহচ, ইলিয়াজৰ, তাৰ পাছত হাৰোণ প্রধান পুৰোহিত।


খমীৰেৰে সৈতে তাক তন্দুৰত তাও দিয়া নহ’ব। মই নিজ অগ্নিকৃত উপহাৰৰ পৰা তেওঁলোকৰ পাবলগীয়া ভাগ বুলি তাক দিলোঁ; পাপাৰ্থক বলি আৰু দোষাৰ্থক বলিৰ দৰে সেয়ে অতি পবিত্ৰ।


যি পুৰোহিতে পাপৰ অৰ্থে তাক উৎসৰ্গ কৰিব, তেৱেঁই তাক ভোজন কৰিব; সাক্ষাৎ কৰা তম্বুৰ চোতালত কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব।


আৰু পবিত্ৰ স্থানত প্ৰায়শ্চিত্ত কৰিবৰ বাবে যি পাপাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ অনা হ’ব, সেই বলিৰ অলপো ভোজন কৰা নহব; তাক জুইত পুৰি পেলোৱা হ’ব।


পাছত লোকসকলৰ উপহাৰ ওচৰলৈ নিয়া হ’ল। তেওঁ লোকসকলৰ পাপাৰ্থক বলিদানৰ ছাগলীটো লৈ, প্ৰথমটোৰ নিচিনাকৈ কাটি পাপৰ অৰ্থে উৎসৰ্গ কৰিলে।


আৰু ইস্ৰায়েলৰ সন্তান সকলক তুমি নিশ্চয় কোৱা, ‘তোমালোকে যিহোৱাৰ সন্মূখত বলিদান কৰিবৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আৰু হোমৰ কাৰণে এটা এবছৰীয়া নিঘূণ দমৰা গৰু আৰু এটা এবছৰীয়া নিঘূণ মেৰ পোৱালি,


পৃথিৱীত থকা লোকসকলৰ মাজত মোচি সকলোতকৈ অতিশয় নম্ৰ লোক আছিল।


কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তেওঁৰ ভায়েকৰ ওপৰত খং কৰে, তেওঁ সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে তেওঁৰ ভায়েকক ‘তুমি অপদার্থ’ এইদৰে কয়, তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে নিজ ভাইক ‘তুমি অবাধ্য’ বুলি কয়, তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ’ব।


তেতিয়া যীচুৱে দেখা পাই তেওঁলোকৰ ওপৰত কুপিত হৈ ক’লে, “শিশু সকলক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা; কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা এজনৰ বাবেহে।


তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া”। তেতিয়া তেওঁ হাত খন মেলি দিলে আৰু যীচুৱে সেই হাত খন পূর্বৰ সুস্থ অৱস্থালৈ আনিলে।


ক্ৰুদ্ধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিব; বেলি মাৰ নৌ যাওঁতেই আপোনালোকৰ কোপ শান্ত হওক;