তেতিয়া চৰূয়াৰ পুত্ৰ অবীচয়ে ৰজাক ক’লে, “সেই মৰা কুকুৰে মোৰ প্ৰভু মহাৰাজক কিয় শাও দিয়ে? আপুনি অনুমতি দিয়ে যদি, মই পাৰ হৈ গৈ তাৰ মূৰটো কাটি পেলাওঁ।”
লূক 9:54 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ইয়াকে দেখি যাকোব আৰু যোহন নামৰ এই দুজন শিষ্যই কলে, “হে প্ৰভু, স্বৰ্গৰ পৰা জুই ওলাই আহি সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰে নে?” |
তেতিয়া চৰূয়াৰ পুত্ৰ অবীচয়ে ৰজাক ক’লে, “সেই মৰা কুকুৰে মোৰ প্ৰভু মহাৰাজক কিয় শাও দিয়ে? আপুনি অনুমতি দিয়ে যদি, মই পাৰ হৈ গৈ তাৰ মূৰটো কাটি পেলাওঁ।”
সেই সময়ত গিবিয়োনীয়া সকল ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ নাছিল; কিন্তু ইমোৰীয়া সকলৰ অৱশিষ্ট থকা ভাগৰ লোক৷ ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক বধ নকৰিবলৈ শপত কৰিলে কিন্তু চৌলে ইস্ৰায়েলৰ সন্তান সকলৰ আৰু যিহূদাৰ পক্ষে উদ্যোগী হৈ তেওঁলোকক বধ কৰিবলৈ চেষ্টা কৰিছিল।
তাৰ পাছত ৰজাই এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠাই দিলে। এলিয়া সেই সময়ত পাহাৰৰ ওপৰত বহি আছিল। সেনাপতিজন এলিয়াৰ ওচৰলৈ উঠি গৈ ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক নামি আহিবলৈ কৈছে।”
তেতিয়া যেহূৱে ক’লে, “মোৰ লগত আহাঁ আৰু যিহোৱাৰ কাৰণে মোৰ আগ্রহ কিমান তাক চোৱাহি।” এইদৰে তেওঁ যিহোনাদবক নিজৰ ৰথত তুলি লৈ গ’ল।
তথাপি যেহূৱে নিজৰ সকলো চিত্তে সৈতে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলিবলৈ সাৱধান নহ’ল; যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেইবোৰ পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।
বধ কৰা আৰু সুস্থ কৰাৰ এক নির্দিষ্ট সময় আছে। ভাঙি পেলোৱাৰ যেনেকৈ সময় আছে, তেনেকৈ গঢ়িবৰো সময় আছে।
চিবদিয়ৰ পুতেক যাকোব আৰু যাকোবৰ ভায়েক যোহন, (এই দুজনক বনেৰগচ, অৰ্থাৎ মেঘ-গৰ্জ্জনৰ পুতেক নাম দিলে);
সি নানা আলৌকিক চিন দেখুৱায়; এনে কি, লোক সকলৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমায়৷
পাছত পশুৰ মূৰবোৰৰ মাজৰ এটা মূৰত মৰাকৈ কটা এটা ঘা যেন দেখিলোঁ; কিন্তু সেই মৃত্যুজনক ঘা সুস্থ কৰা হ’ল, ইয়াকে দেখি গোটেই জগত খনে সেই পশুৰ কথাত আচৰিত মানিলে আৰু তাক অনুসৰণ কৰিলে।