কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।
লূক 4:42 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যেতিয়া ৰাতিপুৱা হ’ল, যীচু ওলাই আহি এক নির্জন ঠাইলৈ গ’ল। তাতে জনতাৰ এটা বৃহৎ দলে তেওঁক বিচাৰি আহি তেওঁৰ ওচৰ পালে আৰু তেওঁলোকৰ ওচৰৰ পৰা তেওঁ আতৰি নাযাবৰ বাবে তেওঁক ধৰি ৰাখিবলৈ চেষ্টা কৰিলে। |
কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।
কিন্তু তেওঁলোকে যীচুক বৰকৈ অনুৰোধ কৰি ক’লে, “চাওক, এতিয়া দিনৰ শেষ; প্রায় সন্ধিয়া হবলৈ হৈছে। আপুনি আমাৰ সৈতে থাকি যাওঁক৷”
সেই সময়তে যীচুৱে এবাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে পৰ্বতৰ ওপৰলৈ গ’ল। ওৰে ৰাতি তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিল।
যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
লোক সকলে যীচুৰ ওচৰলৈ আহি তেওঁক তেওঁলোকৰ লগত কিছুদিন থাকিবলৈ অনুৰোধ কৰিলে। তেওঁ তাত দুদিন থাকিল।
সেয়ে, লোক সকলে যেতিয়া জানিলে যে যীচু আৰু তেওঁৰ শিষ্য সকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীচুক বিচাৰি কফৰনাহূমলৈ গ’ল।