অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




লূক 22:56 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ বহি থাকোঁতে জুইৰ পোহৰত, কোনো এজনী চাকৰণীয়ে দেখা পাই, তেওঁলৈ একেথৰে চাই ক’লে, “এই মানুহ জনো তেওঁৰ লগত আছিল।”

অধ্যায়টো চাওক



লূক 22:56
8 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত পিতৰ বাহিৰফালে চোতালত বহি আছিল; তাতে এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহিল আৰু ক’লে, ‘তুমিও গালীলীয়া যীচুৰ লগত আছিলা’।


পাছত সন্ধিয়া সময়ত তেওঁ বাৰ জন শিষ্যৰ লগত সেই ঠাইলৈ আহিল।


কিন্তু যীচুৱে ক’লে, “তেওঁক এৰি দিয়া; তেওঁক কিয় অশান্তি কৰি আছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে।


তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্টকৈ দেখিলে।


পাছত চোতালৰ মাজ মজিয়াত তেওঁলোকে জুই জ্বলাই একেলগে বহোতে, পিতৰেও তেওঁলোকৰ মাজত বহিল।


কিন্তু তেওঁ অস্বীকাৰ কৰি ক’লে, “হে নাৰী, মই তেওঁক চিনি নাপাও।”


তাতে সেই দুৱৰী মহিলা গৰাকীয়ে পিতৰক ক’লে, “তুমিও এই মানুহ জনৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ ক’লে, “মই নহয়।”