তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গ’ল আৰু যীচুক বধ কৰিবৰ কাৰণে তেওঁৰ বিৰুদ্ধে চক্রান্ত কৰিবলৈ ধৰিলে।
লূক 22:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক বধ কৰিব পাৰে, তাৰে উপায় বিচাৰিলে; কিয়নো তেওঁলোকে লোক সকলক ভয় কৰিছিল। |
তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গ’ল আৰু যীচুক বধ কৰিবৰ কাৰণে তেওঁৰ বিৰুদ্ধে চক্রান্ত কৰিবলৈ ধৰিলে।
কিন্তু খেতিয়ক সকলে পুত্ৰক দেখি, পৰস্পৰে ক’লে, ‘এওঁৱেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁহক, তাতে তেওঁৰ উত্তৰাধিকাৰ আমাৰ হ’ব’।
“তোমালোকে জানা নে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব হ’ব, মানুহৰ পুত্ৰক ক্রুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হ’ব।”
নিস্তাৰ-পৰ্ব আৰু খমিৰ নোহোৱা পিঠাৰ পৰ্বলৈ দুদিন আছিল; এনে সময়ত প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক গোপনে ধৰি বধ কৰিব পাৰে, সেই বিষয়ে উপায় বিচাৰিলে;
বিধানৰ অধ্যাপক আৰু প্ৰধান পুৰোহিত সকলে তেওঁলোকৰ বিৰুদ্ধে যীচুৱে এই দৃষ্টান্ত ক’লে বুলি জানি, সেই সময়তেই তেওঁক হাতে-হাতে ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু লোক সকলৰ বাবে ভয় কৰিলে।
প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে এই আজ্ঞা দিছিল যে, যীচু ক’ত আছে সেই বিষয়ে যদি কোনোবাই জানে, তেনেহলে খবৰটো তেওঁলোকক জনাওঁক যাতে তেওঁলোকে তেওঁক ধৰিব পাৰে।
হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী সকলৰ সৈতে একেলগ হৈছিল।