সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
লূক 2:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 চিৰিয়াৰ ৰাজ্যপাল কুৰীণীয়ৰ সময়ত এয়ে প্ৰথম লোক পিয়ল হৈছিল। |
সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
সেই সময়ত চীজাৰ আগষ্টচে নিৰ্দেশ জাৰি কৰিলে যে, ৰোম সাম্রাজ্যত বাস কৰা সকলো লোকৰ নাম লিখাই গণনা কৰা হওক।
তিবিৰিয়া চীজাৰৰ ৰাজত্বৰ পোন্ধৰ বছৰত যিহূদীয়াৰ ৰাজ্যপাল আছিল পন্তীয় পীলাত। সেই সময়ত হেৰোদ আছিল গালীল প্ৰদেশৰ ৰজা; আৰু তেওঁৰ ভায়েক ফিলিপ আছিল যিতূৰিয়া আৰু ত্ৰাখোনীতিয়া প্ৰদেশৰ ৰজা; লুচাণিয় আছিল অবিলীনী প্ৰদেশৰ ৰজা।
তেওঁ সেই দ্বীপৰ অধিপতি বুদ্ধিমান চৰ্জ্জিয় পৌলৰ লগত আছিল৷ সেই অধিপতিয়ে ঈশ্বৰৰ বাক্য শুনিবলৈ ইচ্ছা কৰি চৌল আৰু বাৰ্ণব্বাক মাতি পঠিয়ালে৷
তেতিয়া গাল্লিয়ো আখায়া দেশৰ অধিপতি হৈ থকা সময়ত ইহুদী সকলে, পৌলৰ বিপক্ষে উঠি, তেওঁক বিচাৰৰ আসনৰ সন্মূখলৈ আনিলে;
এই মানুহ জনৰ পাছত, লোক পিয়লৰ সময়ত যিহূদা নামৰ গালীলীয়া এজন ওলাল আৰু তেওঁ ভালেমান মানুহক নিজৰ ফাললৈ আনিলে; তেৱোঁ নিহত হোৱাত তেওঁৰ অনুগামী সকলো ছিন্ন-ভিন্ন হৈ গ’ল।