লূক 2:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু মৰিয়মে হলে সেইবোৰ কথা মনতে সাঁচি থলে আৰু সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে। |
তেওঁ মোক শিকাইছিল আৰু মোক কৈছিল, “তোমাৰ হৃদয়ত মোৰ বাক্য ধৰি ৰাখা; মোৰ আজ্ঞাবোৰ পালন কৰা আৰু জীৱন ধাৰণ কৰা।”
এইখিনিতে সেই বিষয় সমাপ্ত হ’ল। দানিয়েল যি মই, মোৰ চিন্তাই মোক অতিশয় ব্যাকুল কৰিলে, আৰু মোৰ মুখ বিবৰ্ণ হল; কিন্তু মই মোৰ নিজৰ মনতে সেই বিষয়সমূহ সাঁচি ৰাখিলোঁ।”
জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।
যি সকলে এই কথা শুনিলে, তেওঁলোকে মনে মনে বিষয়টো ভাৱি কবলৈ ধৰিলে, “ভৱিষ্যতে এই ল’ৰা তেনেহলে কি হব?” কিয়নো তেওঁলোকে বুজিছিল যে প্ৰভুৰ হাত তেওঁৰ লগত আছে।
তাৰ পাছত তেওঁলোকৰ লগত তেওঁ নাচৰতলৈ উভটি গ’ল আৰু তেওঁলোকৰ বাধ্য হৈ থাকিল। তেওঁৰ মাকে এই সকলো কথা মনত ৰাখিলে।