তেতিয়া নামানে ঈশ্বৰৰ লোকৰ কথা অনুসাৰে যৰ্দ্দন নদীত নামি গৈ সাত বাৰ ডুব মাৰিলে আৰু তেতিয়াই তেওঁৰ দেহ পূর্বৰ দৰে শুচি হ’ল। একেবাৰে সৰু ল’ৰাৰ দৰে তেওঁৰ গাৰ ছাল পৰিস্কাৰ হ’ল।
লূক 17:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।” পাছত তেওঁলোক গৈ থাকোতে সুস্থ হ’ল। |
তেতিয়া নামানে ঈশ্বৰৰ লোকৰ কথা অনুসাৰে যৰ্দ্দন নদীত নামি গৈ সাত বাৰ ডুব মাৰিলে আৰু তেতিয়াই তেওঁৰ দেহ পূর্বৰ দৰে শুচি হ’ল। একেবাৰে সৰু ল’ৰাৰ দৰে তেওঁৰ গাৰ ছাল পৰিস্কাৰ হ’ল।
কিন্তু যীচুৱে উত্তৰ দি তেওঁক কলে, “এতিয়া এনেকৈয়ে হবলৈ দিয়া; কিয়নো সকলো ধাৰ্মিকতা আমি এইদৰে পূর্ণ কৰা উচিত।” তেতিয়া যোহন সন্মত হ’ল।
তাৰ পাছত যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উৎসৰ্গ কৰাগৈ।”
তাৰ পাছত তেওঁক ক’লে, “যোৱা; চীলোহৰ পুখুৰীত গৈ ধুই পেলোৱা।” (‘চীলোহ’ৰ অনুবাদিত অর্থ ‘পঠোৱা হ’ল’); তেতিয়া মানুহ জনে গৈ ধুলে আৰু দৃষ্টি পাই ঘূৰি আহিল।