সি মানুহৰ আগত গীত গাই কব, “আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই।
লূক 15:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া পুতেকে ক’লে, ‘দেউতা স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মোক মাতিবলৈও মই এতিয়া যোগ্য নহওঁ’। |
সি মানুহৰ আগত গীত গাই কব, “আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই।
তোমাৰ বিৰুদ্ধে, কেৱল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিলোঁ; তোমাৰ দৃষ্টিত যি বেয়া মই তাকে কৰিলোঁ; তুমি তোমাৰ বাক্যত ধাৰ্মিক, তোমাৰ বিচাৰ নিখুঁত।
তোমাৰ সেই দোষ স্বীকাৰ কৰা যে, তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তুমি অপৰাধ কৰিলা, আৰু পৰজাতিসকলক বিচাৰি ইফালে সিফালে ফুৰি প্ৰত্যেক কেঁচাপতিয়া গছৰ তলত তেওঁলোকৰ সৈতে শয়ন কৰিলা অৰ্থাৎ সেই দেৱ-দেৱীৰ উপাসনা কৰিলা, তোমালোকে মোৰ বাক্য পালন নকৰি মোৰ পৰা আঁতৰি গ’লা।
পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু তেওঁক চাই মৰম লগাত চুমা খালে।
কিন্তু বাপেকে দাসবোৰক ক’লে, ‘আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে;
নে আপুনি তেওঁৰ স্নেহশীল অনুগ্ৰহ, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে? যি ঈশ্বৰৰ অনুগ্ৰহে আপোনাক মন-পালটন কৰাৰ পথত লৈ যায়, সেই বিষয়ে আপুনি নাজানে নে?
আপোনালোকে আপোনালোকৰ ভাই-ভনী সকলৰ বিৰুদ্ধে এইদৰে পাপ কৰি তেওঁলোকৰ দূৰ্বল বিবেকত আঘাত কৰিলে, আপোনালোকে খ্ৰীষ্টৰ বিৰুদ্ধে পাপ কৰা হয়।