লূক 14:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব। |
তেতিয়া ৰজাই হামনক ক’লে, “বেগাই আহাঁ, তুমি ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা লোৱা, আৰু তুমি কোৱাৰ দৰে ৰাজদুৱাৰত বহি থকা যিহুদী মৰ্দখয়লৈ সেই দৰেই কৰা। তুমি কোৱা কথাৰ এটা কথাও ত্ৰুটি নকৰিবা।”
কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে; কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।
মানুহৰ উৰ্দ্ধদৃষ্টি অৱনত হ’ব; আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; আৰু ভবিষ্যতৰ সেই সোধবিচাৰ দিনা কেৱল যিহোৱাই উন্নত হ’ব।
মানুহৰ অহংকাৰ নত কৰা হ’ব, আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; সেইদিনা কেৱল যিহোৱাই উন্নত হ’ব।
এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।
তেওঁ নিজ বাহুৰ দ্বাৰাই পৰাক্ৰমী কর্ম কৰিলে। নিজ নিজ অন্তৰত অহংকাৰ কৰা সকলক তেওঁ ছিন্ন-ভিন্ন কৰিলে।
তেতিয়া তেওঁক নিমন্ত্ৰণ কৰা জনে ক’লে, “দুপৰ বা নিশাৰ ভোজ পাতিলে, তুমি নিজৰ বন্ধু বা ভাই সকলক বা জ্ঞাতি-কুটুম্ব বা ধনৱন্ত চুবুৰীয়া সকলক নামাতিবা; তেওঁলোকে তোমাক নিমন্ত্ৰণ কৰিব, আৰু তোমাৰ প্ৰতিদান ঘূৰাই দিব।
মই তোমালোকক কওঁ, সেই ব্যক্তি জন ধাৰ্মিক বুলি প্ৰমাণিত নহব, কিন্তু এই জনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গ’ল; কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।”
কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”
সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে।
সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব৷
চমূৱেলে ক’লে, “যদিও তুমি নিজৰ দৃ্ষ্টিত সৰু আছিলা, তথাপি ইস্ৰায়েলৰ ফৈদ সকলৰ মাজত তোমাক মুখ্য কৰা নহ’ল নে?” আৰু যিহোৱাই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলে।