লূক 12:58 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো আপোনাৰ গুচৰিয়াৰ সৈতে আপুনি যেতিয়া বিচাৰকৰ ওচৰলৈ যায়, তেতিয়া বাটতেই তেওঁৰ পৰা মুক্ত হবলৈ চেষ্টা কৰে যাতে তেওঁ আপোনাক বিচাৰকর্তাৰ সন্মুখলৈ বলেৰে টানি নিনিয়ে আৰু বিচাৰকর্তাই দাৰোগাৰ হাতত শোধাই নিদিয়ে; তেতিয়া দাৰোগায়ো বন্দীশালত সোমাই থব নোৱাৰিব। |
তেতিয়া সেই ঠাইত সৰল লোকে তেওঁৰ লগত বাদানুবাদ কৰিব পাৰিলেহেঁতেন; তাতে মোৰ বিচাৰকে মোক ন্যায় দিব পাৰিলেহেঁতেন।
সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক; বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।
তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
কিয়নো তেওঁ কৈছে, “মই গ্ৰাহ্য-কালত তোমাৰ প্ৰাৰ্থনা শুনিলো; আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলোঁ।” চাওক, এতিয়া পৰমগ্ৰাহ্য কাল; এতিয়াই পৰিত্রাণৰ দিন৷
মই আপ্রাণ চেষ্টা কৰিছোঁ যাতে মোৰ মৃত্যুৰ পাছতো আপোনালোকে এই সকলো বিষয় সকলো সময়তে মনত ৰাখে।
হে প্ৰিয় সকল, আমাৰ সকলোৰে পৰিত্রাণৰ বিষয়ে লিখিবলৈ মই প্রয়োজন বোধ কৰোঁতে, ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ ওপৰত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ দৃঢ় আহ্বান কৰি আপোনালোকলৈ লিখিলোঁ।