অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




লূক 10:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তোমালোকে কোনো ধনৰ মোনা বা জোলোঙা বা পাদুকা নলবা; আৰু বাটত যাওঁতে কাকো সম্ভাষণ নজনাবা।

অধ্যায়টো চাওক



লূক 10:4
13 পৰস্পৰ সংযোগসমূহ  

পাছত তেওঁলোকৰ আগত খাবলৈ আহাৰ যুগুত কৰি দিলে; কিন্তু তেওঁ খাবলৈ সন্মত নহ’ল। তেওঁ ক’লে, “মোৰ ক’বলগীয়া কথা নোকোৱালৈকে মই আহাৰ গ্রহণ নকৰোঁ।” তেতিয়া লাবনে ক’লে, “তেনেহ’লে কওঁক।”


কিন্তু তেওঁ তেওঁলোকক ক’লে, “যিহোৱাই মোৰ যাত্ৰা সফল কৰিছে; এতেকে মোক পলম কৰি নাৰাখিব; মই মোৰ প্ৰভুৰ ওচৰলৈ যাওঁ, মোক বিদায় দিয়ক।”


তাৰ পাছত তেওঁ গাধৰ ওপৰত আসন সজাই নিজৰ দাসক ক’লে, “সোনকালে চলাই নিয়া; মই নকওঁমানে তুমি লাহে লাহে নচলাবা।”


তেতিয়া ইলীচাই গেহজীক ক’লে, “তোমাৰ কাপোৰ কঁকালত গুজি লৈ মোৰ এই লাখুটিডাল লোৱা আৰু মহিলাগৰাকীৰ ঘৰলৈ যোৱা। কোনো মানুহক লগ পালে, তেওঁক মঙ্গলবাদ নকৰিবা আৰু কোনোবাই মঙ্গলবাদ কৰিলেও তাৰ উত্তৰ নিদিবা। মোৰ লাখুটিডাল ল’ৰাটিৰ মুখৰ ওপৰত ৰাখিবা।”


তোমাৰ চকুৱে সন্মুখলৈ চাওক, আৰু তোমাৰ দৃষ্টি তোমাৰ সন্মুখত স্থিৰ কৰা।


যীচুৱে তেওঁৰ সেই বাৰ জন পাঁচনিক ওচৰলৈ মাতি আনিলে, আৰু দুজন দুজনকৈ তেওঁলোকক পঠিয়াই দিলে৷ তেওঁলোকক অশুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি,


পাছত যীচুৱে তেওঁলোকক ক’লে, “মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জোলোঙাৰে, তোমালোকক পঠিয়াইছিলো, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিল নে?” তেওঁলোকে ক’লে, “কোনো অভাৱ হোৱা নাছিল।”


দায়ূদে অহীমেলকক ক’লে, “তোমাৰ এই ঠাইত যাঠি বা তৰোৱাল একো নাই নে? কাৰণ, মই ৰজাৰ জৰুৰী কাৰ্য কৰিব লগা হোৱাত, মই নিজৰ তৰোৱাল বা অস্ত্ৰ লগত অনা নহ’ল।”