লূক 10:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া যীচুৱে সমিধান দি ক’লে, “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল। |
এই হেতুকে, যিহোৱাই কৈছে, চোৱা, যি দিনা মই তাৰ কটা-প্ৰতিমাবোৰক দণ্ড দিম, আৰু তাৰ দেশৰ সকলোফালে খুন হোৱা লোকে কেঁকাব, এনে দিন আহিছে।
“আহাৰ আৰু দ্ৰাক্ষাৰস ক’ত?” এই বুলি তেওঁলোকে নিজ নিজ মাতৃসকলক প্রশ্ন কৰে। সিহঁত নগৰৰ বাটবোৰত আহত হোৱা মানুহৰ দৰে মুৰ্চ্ছিত হৈছে, আৰু নিজ নিজ মাতৃৰ কোলাত প্ৰাণত্যাগ কৰিছে।
মই বাবিলৰ ৰজাৰ বাহু দুটা সবল কৰিম আৰু তেওঁৰ হাতত মোৰ তৰোৱাল দিম যাতে মই ফৰৌণৰ বাহু দুটা ভাঙি পেলাব পাৰিম। তাতে সাংঘাতিকৰূপে আঘাতিত হোৱা লোকে কেঁকোৱাৰ দৰে তেওঁৰ আগত তেওঁ কেঁকাব।
এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল।
পাছত তেওঁ বাৰ জন পাঁচনিক লগত লৈ তেওঁলোকক ক’লে, “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; তাতে ভাববাদী সকলৰ দ্বাৰাই যি যি লিখা আছে, সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হ’ব।