অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যোৱে 1:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পশুবোৰে কেনেকৈ কেঁকাইছে! চৰণীয়া ঠাই নোহোৱাৰ বাবে গৰুৰ জাকবোৰ ব্যাকুল হৈছে। এনেকি মেৰ-ছাগ আৰু ছাগলীৰ জাকবোৰে দণ্ড ভোগ কৰিছে।

অধ্যায়টো চাওক



যোৱে 1:18
10 পৰস্পৰ সংযোগসমূহ  

আহাবে ওবদিয়াক ক’লে, “দেশত যিমান জলৰ ভুমুক আৰু জুৰি আছে, তুমি সেই ঠাইবোৰলৈ যোৱা, কিজানি আমি সেই ঠাইবোৰত কিছু ঘাঁহ পাম; তাতে ঘোঁৰা আৰু খছৰবোৰৰ প্ৰাণ ৰক্ষা কৰাব পাৰিম, সেয়ে হ’লে আমি আটাইবোৰ পশু নেহেৰুৱাম।”


তেতিয়া চলোমন ৰজাৰ সৈতে ইস্ৰায়েলৰ গোটেই লোক সকলে নিয়ম-চন্দুকৰ আগত অসংখ্য ভেড়া আৰু গৰু আদি বলিদান কৰিছিল।


কিমান দিন দেশে শোক কৰিব, আৰু সমস্ত দেশৰ তৃণ শুকাই থাকিব? নিবাসীসকলৰ দুষ্টতাৰ বাবে পশু আৰু পক্ষীবোৰ সংহাৰ হৈছে; কাৰণ, আমাৰ অন্তিম কাল কোনেও নেদেখিব বুলি তেওঁলোকে কৈছে।


এই কাৰণে দেশে শোক কৰিছে, আৰু যি সকলে তাত বাস কৰে তেওঁলোক দুর্বল হৈ গৈছে। বনৰীয়া পশু আৰু আকাশৰ চৰাইবোৰ, এনেকি সমুদ্রৰ মাছবোৰৰ বিনাশ হৈছে।


বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে, কিয়নো জলৰ জুৰিবোৰ শুকাল, আৰু অৰণ্যৰ চৰণীয়া ঠাইবোৰ অগ্নিয়ে গ্ৰাস কৰিলে।


আমোচে ক’লে, “যিহোৱাই চিয়োনৰ পৰা গৰ্জন কৰিছে, আৰু যিৰূচালেমৰ পৰা উচ্চস্বৰে কথা কৈছে। মেৰ-ছাগ ৰখীয়াবোৰৰ চৰণীয়া ঠাইবোৰৰ শোক হ’ব আৰু কৰ্মিল পর্বতৰ চূড়া শুকাই গৈছে।”


যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই, যদিও জিত গছৰ উৎপন্নই হতাশ কৰিছে, আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই, যদিও গঁৰালৰ পৰা মেৰ-ছাগৰ জাকক উচ্ছন্ন কৰা হৈছে, আৰু গোহালিত এটাও গৰু নাই,


এই কাৰণে আকাশে তোমালৈ নিয়ৰ বৰষাবলৈ প্রতিৰোধ কৰি ৰাখিছে, আৰু পৃথিৱীয়ে উৎপাদন আটক কৰি ৰাখিছে।


কিয়নো এতিয়াও গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো।