জাতীয়তাবাদী চিমোন আৰু যীচুক যি জনে শত্রুৰ হাতত শোধাই দিছিল, সেই ঈষ্কৰিয়োতীয়া যিহূদা।
যোহন 6:64 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যি সকলে বিশ্বাস নকৰে।” কিয়নো যীচুৱে আদিৰে পৰা জানিছিল, কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব। |
জাতীয়তাবাদী চিমোন আৰু যীচুক যি জনে শত্রুৰ হাতত শোধাই দিছিল, সেই ঈষ্কৰিয়োতীয়া যিহূদা।
তেতিয়া যীচুৱে, তেওঁৰ প্ৰতি কি ঘটিবলৈ গৈ আছে সেই বিষয়ে আগেয়ে জনাৰ বাবে, তেওঁলোকৰ আগলৈ ওলাই গৈ তেওঁ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?”
যীচুৰ শিষ্য সকলৰ মাজৰ অনেকে এই কথা শুনি ক’লে, “ই বৰ কঠিন শিক্ষা; কোনে ইয়াক গ্রহণ কৰিব পাৰে?”
যীচুৱে নিজৰ মনতে জানিব পাৰিছিল যে তেওঁৰ শিষ্য সকলে এই বিষয়ত বু বু বা বা কৰি আছে; সেয়ে তেওঁ শিষ্য সকলক সুধিলে, “এই কথাত তোমালোকে মনত বিঘিনি পাইছা নেকি?
তেওঁ তেওঁলোকক ক’লে, “আপোনালোক তলৰ পৰা আহিছে আৰু মই ওপৰৰ পৰা আহিছোঁ; আপোনালোক এই জগতৰ; কিন্তু মই এই জগতৰ নহওঁ।
আপোনালোকে তেওঁক নাজানে; মই হ’লে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেনেহলে আপোনালোকৰ নিচিনা মিছলীয়া হ’ম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰোঁ।
কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, আগেয়ে নিৰূপণো কৰিলে;
তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”
সৃষ্টিৰ একো বস্তুৱেই ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয়; তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি৷ তেওঁৰ ওচৰত আমি অৱশ্যেই হিচাব দিব লাগিব।