যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।
যোহন 6:59 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই সকলো কথা যীচুৱে কফৰনাহূমত উপদেশ দিয়াৰ সময়ত নাম-ঘৰত ক’লে। |
যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।
তাৰ পাছত যীচু গালীল প্ৰদেশৰ কফৰনাহূম চহৰলৈ গ’ল। তাত এদিন বিশ্ৰামবাৰে তেওঁ লোক সকলক নাম-ঘৰত উপদেশ দি আছিল।
যীচুৱে তেওঁক উত্তৰ দি ক’লে, “মই জগতৰ আগত মুকলিকৈ ক’লোঁ; মই নাম-ঘৰত আৰু মন্দিৰত, ইহুদী সকলৰ গোট খোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই।
তেওঁলোকে গৈ এখন নাৱত উঠিল আৰু কফৰনাহূম নগৰৰ ফালে সাগৰ পাৰ হৈ যাবলৈ ধৰিলে। ইতিমধ্যে আন্ধাৰ হৈ গৈছিল, কিন্তু যীচু তেতিয়াও তেওঁলোকৰ ওচৰ আহি নাপালে।
সেয়ে, লোক সকলে যেতিয়া জানিলে যে যীচু আৰু তেওঁৰ শিষ্য সকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীচুক বিচাৰি কফৰনাহূমলৈ গ’ল।