যেতিয়া ৰজাই, বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে ঘোষণা কৰা সেই ঈশ্বৰৰ লোকজনৰ কথা শুনিলে, তেতিয়া তেওঁ যজ্ঞবেদীৰ পৰা হাত মেলি ক’লে, “তেওঁক ধৰা৷” তেতিয়া সেই ঈশ্ৱৰৰ লোকজনৰ বিৰুদ্ধে মেলা ৰজাৰ নিজ হাত এনেকৈ শুকাই গ’ল যে, তেওঁ সেই হাত পুনৰ কোঁচাব নোৱাৰিলে।
যোহন 5:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেইবোৰত কণা, খোৰা, নিচলা আদি কৰি অনেক ৰুগীয়া মানুহ পৰি থাকে। সেই লোক সকলে পানীত খলকনি উঠাৰ অপেক্ষাত থাকে। কাৰণ সময়ে সময়ে প্রভুৰ এজন দূতে সেই পুখুৰীলৈ নামি গৈ পানীত আলোড়ন তোলে আৰু সেই আলোড়নৰ পাছতেই প্রথমে যি জনে পানীত নামিব পাৰে, তেওঁৰ যি কোনো ৰোগ ভাল হৈ যায়। |
যেতিয়া ৰজাই, বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে ঘোষণা কৰা সেই ঈশ্বৰৰ লোকজনৰ কথা শুনিলে, তেতিয়া তেওঁ যজ্ঞবেদীৰ পৰা হাত মেলি ক’লে, “তেওঁক ধৰা৷” তেতিয়া সেই ঈশ্ৱৰৰ লোকজনৰ বিৰুদ্ধে মেলা ৰজাৰ নিজ হাত এনেকৈ শুকাই গ’ল যে, তেওঁ সেই হাত পুনৰ কোঁচাব নোৱাৰিলে।
যিজনে মোৰ কথা শুনে, তেওঁ আনন্দিত হ’ব- মোৰ দুৱাৰত প্রতি দিনে পৰ দি থাকিব, মোৰ ঘৰৰ দুৱাৰৰ কাষত মোৰ বাবে অপেক্ষা কৰি থাকিব।
হায়, জাক এৰি যোৱা অযোগ্য মেৰ-ৰখীয়া! তেওঁৰ সোঁ চকু আৰু সোঁ হাতৰ বিৰুদ্ধে তৰোৱাল লৈ আহা! তেওঁৰ সোঁ হাত নিষ্কৰ্মা হৈ যাব আৰু তেওঁৰ সোঁ চকু অন্ধ হ’ব।
তেতিয়া বহু মানুহৰ দল এটা তেওঁৰ ওচৰলৈ আহিল; তেওঁলোকে খোৰা, অন্ধ, বোবা, কোঙা আৰু অনেক ৰোগীক যীচুৰ চৰণলৈ আনিলে আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু ক’বা, ‘অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে,
যিৰূচালেমত মেষ-দ্বাৰৰ ওচৰত এটা পুখুৰী আছে। ইব্রী ভাষাত সেই পুখুৰীটোক ‘বৈথেচদা’ বোলা হয়। পুখুৰীটোত পাঁচোটা চালি দিয়া ঘাট আছিল।
এতেকে, হে ভাইসকল, প্ৰভুৰ আগমণলৈ ধৈৰ্য ধৰি থাকক। চাওক, খেতিয়কে খেতিৰ বহুমূল্য শস্য পৃথিৱীৰ পৰা পাবৰ বাবে বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপাই, তেতিয়ালৈকে ধৈৰ্য ধৰি থাকে।