অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যোহন 4:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই চমৰীয়া মহিলা গৰাকীয়ে যীচুক ক’লে, “আপুনি এজন ইহুদী মানুহ হৈয়ো মোৰ পৰা কেনেকৈ পানী খাব খুজিছে? মইতো চমৰীয়া মহিলা!” কিয়নো সেই সময়ত ইহুদী সকলে চমৰীয়া সকলৰ লগত কোনো ধৰণৰ মিলা প্রীতি নাছিল।

অধ্যায়টো চাওক



যোহন 4:9
12 পৰস্পৰ সংযোগসমূহ  

এই বাৰ জনক যীচুৱে এই আদেশ দি পঠালে, “তোমালোকে অনা-ইহুদী সকলৰ কোনো ঠাইলৈ নাযাবা আৰু চমৰীয়া সকলৰ কোনো নগৰত নোসোমাবা।


কিন্তু এজন চমৰীয়াই যাত্ৰা কৰি গৈ থাকোতে, সেই মানুহ জন পৰি থকা ঠাই পালে; তাতে মানুহ জনক দেখি তেওঁৰ মৰম উপজিল আৰু তেওঁ মানুহ জনৰ ওচৰলৈ আহিল৷


তেনে সময়তে তেওঁৰ শিষ্য সকল ঘূৰি আহিল আৰু এগৰাকী মহিলাৰ সৈতে যীচুক কথা পাতি থকা দেখি আচৰিত হ’ল। তথাপি কোনেও তেওঁক এই কথা নুসুধিলে “আপুনি কি বিচাৰিছে?” বা “কি কাৰণে আপুনি তেওঁৰ লগত কথা পাতিছে?”


ইহুদী সকলে উত্তৰ দি তেওঁক ক’লে, “আমি সঁচাকৈয়ে জানো কোৱা নাছিলো যে তুমি এজন চমৰীয়া, আৰু তোমাৰ ভিতৰত এটা ভূত আছে?”


কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”


তেওঁলোকক কলে, “বিধান বিহীন জাতিৰ কোনো মানুহৰ লগ লোৱা নাইবা তেওঁৰ তালৈ যোৱা যে যিহুদী মানুহৰ বাবে নিষেধ, ইয়াক আপোনালোকে জানে৷ কিন্তু কোনো মানুহক বৰ্জিত বা অশুচি নুবুলিবলৈ ঈশ্বৰে মোক দেখুৱালে৷


এতেকে যাফোলৈ মানু্হ পঠিয়াই, সাগৰৰ দাঁতিত চিমোন নামেৰে এজন মুচিয়াৰৰ ঘৰত আলহী হৈ থকা চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি অানা গৈ’৷