কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, দুষ্ট কার্য কৰা লোক সকলে মোক বেৰি আছে; মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
যোহন 19:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই ঠাইতে তেওঁলোকে যীচুক ক্রুচত দিলে৷ তেওঁৰ লগত আন দুজনক মানুহক দুইকাষে ৰাখি যীচুক মাজত ক্রুচত দিলে। |
কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, দুষ্ট কার্য কৰা লোক সকলে মোক বেৰি আছে; মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
সেইবাবে অনেক লোকসকলৰ মাজত মই তেওঁৰ অংশ দিম, আৰু তেওঁ বহুতৰ সৈতে লুটদ্ৰব্য ভাগ কৰিব; কাৰণ তেওঁ নিজৰ জীৱন মৃত্যুলৈ প্রকাশিত কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ সৈতে গনিত হ’ল। তেওঁ অনেকৰ পাপৰ ভাৰ বহন কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ কাৰণে মধ্যস্হতা কৰিলে।
কিদৰে তেওঁৰ মৃত্যু হব এই বিষয়ে যীচুৱে যি কথা ইঙ্গিত দিছিল, সেই ধৰণৰে মৰিবলৈ এই ইঙ্গিত সিদ্ধ হ’বলৈ এনে হ’ল।
কাৰণ ঈশ্বৰৰ দ্বাৰা তেওঁ নিৰ্ণীত আৰু পূৰ্বজ্ঞানেৰে তেওঁক তোলা হ’ল, কিন্তু আপোনালোকে তেওঁক বিধানহীনৰ হাতৰ দ্বাৰাই ক্ৰুচত তুলি বধ কৰিলে।
খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠত অৰাঁ হয় তেওঁ শাপগ্ৰস্ত।”
আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।