যোহন 19:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া নিস্তাৰ-পৰ্বৰ আয়োজনৰ দিনৰ প্ৰায় বাৰটা বজাৰ সময় হৈছিল আৰু পীলাতে ইহুদী সকলক ক’লে, “চোৱা, এয়া তোমালোকৰ ৰজা” |
পাছদিনা অৰ্থাৎ আয়োজন দিনৰ পাছদিনা, প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে পীলাতৰ ওচৰত গোট খাই ক’লে,
ইয়াৰ পাছত তেওঁৰ ওচৰলৈ আহি কবলৈ ধৰিলে, “অভিনন্দন, হে ইহুদী সকলৰ ৰজা, জয় হওক!” এইদৰে কৈ তেওঁক চৰ মাৰিবলৈ ধৰিলে।
কাৰণ সেইদিনা ইহুদী সকলৰ আয়োজনদিন হোৱাত, সেই মৈদাম ওচৰত থকা কাৰণে, তেওঁলোকে তাতে যীচুক শুৱাই থলে।
এনেতে যীচুক কাঁইটৰ কিৰীটি আৰু উজ্বল বৰণীয়া কাপোৰ পিন্ধাই বাহিৰলৈ উলিয়াই আনিলে৷ পীলাতে তেওঁলোকক ক’লে “চোৱা, এই জনেই সেই মানুহ!”