যোহন 17:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এতিয়া তেওঁলোকে জানিছে, তুমি মোক যি যি দিছিলা, সেই সকলোৱেই যে, তোমাৰ কাষৰ পৰাই হৈছে৷ |
পিতৃৰ যি যি আছে, সেই সকলো মোৰ; এই হেতুকে মই ক’লোঁ, সত্যৰ আত্মাই মোৰ পৰা সকলো গ্ৰহণ কৰি তোমালোকৰ আগত ঘোষণা কৰিব।
মোৰ সকলো বস্তু তোমাৰ আৰু যি যি তোমাৰ, সেই সকলোৱেই মোৰ; মই তোমাৰ যোগেদিয়েই সেইবোৰত মহিমান্বিত হৈছোঁ।
তুমি এই জগতৰ মাজৰ পৰা যি সকল মানুহক মোক দিলা, সেই সকলৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ; তেওঁলোক তোমাৰেই আছিল, তুমি তেওঁলোকক মোক দিলা; আৰু তেওঁলোকে তোমাৰ বাক্য ধৰি ৰাখিছে।
কিয়নো তুমি যি বাক্য মোক দিলা, সেই বাক্য মই তেওঁলোকক দিলোঁ আৰু তেওঁলোকে সেই সকলোকে গ্ৰহণো কৰিলে, মই যে তোমাৰ পৰা আহিলোঁ, ইয়াকো তেওঁলোকে সঁচাকৈ জানিলে আৰু তুমি যে মোক পঠালা সেয়াও বিশ্বাস কৰিলে।
সেয়ে যীচুৱে ক’লে, “আপোনালোকে যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিব, তেতিয়া আপোনালোকে জানিব যে মইয়ে সেই জন আৰু মই নিজৰ পৰা একো নকৰোঁ। পিতৃয়ে যেনেকৈ মোক শিকাইছে, মই সেইদৰেই এইবোৰ কথা কৈছোঁ।