অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যোহন 13:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যীচুৱে জানিছিল যে, পিতৃয়ে তেওঁক সকলো বস্তুৰ ওপৰত ক্ষমতা দিছে; তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু পুনৰাই তেওঁ ঈশ্বৰৰ ওচৰলৈ উভতি যাব।

অধ্যায়টো চাওক



যোহন 13:3
22 পৰস্পৰ সংযোগসমূহ  

কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে: পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।


তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল।


“মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছে আৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।”


ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।


ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ পূর্বে যীচুৱে জানিব পাৰিলে, যে এই জগতৰ পৰা পিতৃৰ ওচৰলৈ তেওঁৰ যোৱাৰ সময় ওচৰ চাপি আহিছে; সেয়েহে জগতত থকা নিজৰ লোক সকলক সকলো সময়তে প্ৰেম কৰি তেওঁলোকক শেষলৈকে প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিলে।


যি দৰে সকলোকে অনন্ত জীৱন দিবলৈ তুমি সকলো মানুহৰ ওপৰত তোমাৰ পুত্ৰক অধিকাৰ কৰিবলৈ দিলা।


যি জন স্বর্গৰ পৰা নামি আহিল, সেই মানুহৰ পুত্রৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই।


পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু তেওঁৰ হাতত সকলো শোধাই দিলে।


মই হ’লে তেওঁক জানো; কিয়নো মই তেওঁৰ পৰা আহিছোঁ আৰু তেৱেঁই মোক পঠিয়ালে।”


যীচুৱে ক’লে, “মই অলপ কালহে আপোনালোকৰ লগত আছোঁ। তাৰ পাছত যি জনে মোক পঠিয়াইছে, মই তেওঁৰ ওচৰলৈ যাম।


যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যদিও মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, তথাপি মোৰ সাক্ষ্য সত্য; কিয়নো মই ক’ৰ পৰা আহিলোঁ, আৰু ক’লৈ গৈ আছোঁ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মই ক’ৰ পৰা আহিছোঁ, বা ক’লৈ যাওঁ সেই বিষয়ে নাজানে।


যীচুৱে তেওঁলোকক ক’লে, “ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ’লে, আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ; মই নিজৰ পৰা আহি ইয়াত থকা নাই, কিন্তু ঈশ্বৰেহে মোক ইয়ালৈ পঠিয়ালে।


এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্রুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।


কিয়নো ‘তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে’। কিন্তু ‘সকলোৱে বশীভূত হ’ব’ বুলি যেতিয়া তেওঁ কয়, তেতিয়া যি জনে সকলোকে তেওঁৰ বশীভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ, এয়ে প্ৰকাশিত হয়।


কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হবলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি বিশ্ব-ব্রহ্মাণ্ড খনো সৃষ্টি কৰিলে।