যোহন 12:44 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যীচুৱে অতি উচ্চস্বৰে ক’লে, “যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মোক নহয়, কিন্তু মোক পঠাৱা জনকহে বিশ্বাস কৰে। |
যি কোনোৱে তোমালোকক গ্ৰহণ কৰে; তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।
তাৰ পাছত তাক কোলাত লৈ তেওঁলোকক ক’লে, “যি কোনোৱে এনে শিশু এটিক মোৰ নামেৰে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনক গ্ৰহণ কৰে।”
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি জনক পঠাই দিওঁ, তেওঁক যি কোনাৱে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।”
মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
তেতিয়া যীচুৱে মন্দিৰত শিক্ষা দিলে আৰু উচ্চস্বৰে ক’লে, “আপোনালোকে মোক জানে আৰু মই ক’ৰ পৰা আহিছোঁ, সেই বিষয়েও জানে৷ মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যি জনে মোক পঠালে, তেওঁ সত্য; তেওঁক আপোনালোকে নাজানে।
তেওঁৰ দ্বাৰাই আপোনালোক, মৃত লোকৰ মাজৰ পৰা তেওঁক তোলোঁতা আৰু গৌৰৱ দিওঁতা ঈশ্বৰৰ বিশ্বাসকাৰী লোক হ’ল; তাতে আপোনালোকৰ বিশ্বাস আৰু দৃঢ় আস্থা ঈশ্ৱৰত আছে।