যিৰি 7:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল আৰু ক’লে: |
যিহূদাৰ আটাই লোকৰ বিষয়ে যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিছিল। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত বাবিলৰ নবূখদনেচৰ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত এই বাক্য আহিছিল।
বোলে, তুমি যিহোৱাৰ গৃহৰ বাহিৰৰ দুৱাৰ মুখত থিয় হৈ, তাত এই বাক্য প্ৰচাৰ কৰা আৰু কোৱা, ‘যিহোৱাক প্ৰণিপাত কৰিবলৈ এই দুৱাৰবোৰত সোমোৱা হে যিহূদাৰ লোকসকল, যিহোৱাৰ বাক্য শুনা।