ডকাইতবোৰৰ তম্বু কুশলে থাকে; যাৰ হাতত ঈশ্বৰে অধিক ধন সম্পত্তি শোধাই দিছে, ঈশ্বৰৰ বিৰক্ত জন্মোৱা এনেবোৰ লোক নিৰ্ব্বিঘ্নে থাকে।
যিৰি 5:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোক ৰিষ্ট-পুষ্ট আৰু চিকচিকীয়া, এনে কি, তেওঁলোকে দুষ্কৰ্মত অতিৰিক্ত কৰে। তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, পিতৃহীনৰ কুশলৰ অৰ্থে তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, আৰু দৰিদ্ৰসকলৰ বিচাৰ নিস্পত্তি নকৰে। |
ডকাইতবোৰৰ তম্বু কুশলে থাকে; যাৰ হাতত ঈশ্বৰে অধিক ধন সম্পত্তি শোধাই দিছে, ঈশ্বৰৰ বিৰক্ত জন্মোৱা এনেবোৰ লোক নিৰ্ব্বিঘ্নে থাকে।
তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।
যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে, কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে।
তোমালোকৰ শাসনকৰ্তাসকল বিদ্ৰোহী আৰু চোৰৰ সঙ্গী হ’ল; প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে; তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকে আগলৈ নানে।
“হে যিহোৱা, তুমি ধাৰ্মিক, তথাপি তোমাৰ লগত মোক প্ৰতিবাদ কৰিবলৈ দিয়া, বিচাৰৰ সম্পৰ্কে মোক তোমাৰ লগত কেৱল কথা কবলৈ দিয়া। “দুষ্টবোৰৰ পথ কিয় উন্নত হয়? অতি বিশ্বাস-ঘাতকবোৰ কিয় শান্তিৰে থাকে?
তুমি প্ৰেম বিচাৰিবলৈ কেনে সুন্দৰৰূপে নিজ পথ যুগুত কৰিছা। এই কাৰণে দুষ্ট স্ত্রীসকলকো তুমি নিজ পথ শিকালা।
যিহোৱাই এইদৰে কৈছে: “তোমালোকে ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰা আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা; বিদেশী, পিতৃহীন বা বিধৱাক অপকাৰ আৰু অত্যাচাৰ নকৰিবা নাইবা এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰিবা।
বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,
হে চমৰিয়াৰ পৰ্বতত বাস কৰা বাচানৰ গাইৰ দৰে মহিলাসকল, তোমালোকে শুনা। তোমালোকে দুখীয়াক অত্যাচাৰ কৰা, অভাৱীসকলক চূৰ্ণ কৰা, আৰু নিজ নিজ স্বামীক কোৱা, “আমাৰ কাৰণে পানীয় আনা।”
আৰু যি সকল বিধৱা, পিতৃহীন, বিদেশী আৰু দৰিদ্ৰ সেই লোকসকলক অত্যাচাৰ নকৰিবা; আৰু তোমালোক কোনেও নিজ নিজ ভাইৰ বিৰুদ্ধে নিজ মনত কু-কল্পনা নকৰিবা।’
আমি শুনিছোঁ যে, আপোনালোকৰ মাজত ব্যভিচাৰ আছে; যি ব্যভিচাৰী কার্য অনা-ইহুদী সকলৰ মাজতো নাই। এনে কি শুনিবলৈ পাইছোঁ আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে।
যাকোবে হৃষ্ট-পুষ্ট হৈ খালে; কিন্তু যিচুৰূণৰ চর্বি বাঢ়িল আৰু লাথ মাৰিলে; হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা; তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।