যিৰি 49:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই হেতুকে, যিহোৱাই ইদোমৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু তৈমন-নিবাসীবিলাকৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠায়ে সিহঁতৰ বিষয়ে বিস্ময় মানিব। |
কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ গোটেই সৈন্য-সামন্ত যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু তেওঁলোকৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি তেওঁলোকে প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰি পেলাব’।”
কিয়নো যিহোৱাই কৈছে, মই মোৰ নাম লৈ এই শপত খাই কৈছোঁ যে, বস্ৰা আচৰিতৰ, ধিক্কাৰৰ, ধ্বংসৰ আৰু শাওৰ বিষয় হ’ব, আৰু তাৰ আটাই নগৰ চিৰকলীয়া ধ্বংসস্থান হ’ব।
ইদোমৰ বিষয়। বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল?
এই হেতুকে, যিহোৱাই বাবিলৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু কলদীয়া দেশৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠাই সিহঁতৰ বিষয়ে বিস্ময় মানিব।
সেইবাবে মই তৈমনৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে বস্ৰাৰ ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।”
তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই, ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”
তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছাত যি ঘটিব বুলি তুমি পূর্বতে ঠিক কৰিছিলা, সেই কার্য সিদ্ধ হ’বলৈকে তেওঁলোক একত্ৰিত হ’ল।।
ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্রণা অনুসাৰে সকলো কার্য সাধন কৰে। তেওঁৰ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেইদৰেই তেওঁ আমাক খ্রীষ্টত মনোনীত কৰি ললে।