কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে; কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।
যিৰি 48:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আমি মোৱাবৰ অহঙ্কাৰৰ বিষয়ে শুনিলোঁ, যে সি বৰ গৰ্ব্বী; তাৰ অভিমান, অহংকাৰ, দৰ্প আৰু মনৰ গৰ্ব্বৰ কথা আমি শুনিলোঁ। |
কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে; কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।
যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
মই জগতখনক কুকাৰ্যৰ বাবে আৰু দুষ্টবোৰক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম, মই অহঙ্কাৰীবোৰৰ দৰ্প শেষ কৰিম, আৰু কঠিন হৃদয়ৰ লোকসকলৰ অহংকাৰ নাশ কৰিম।
আমি মোৱাবৰ অহংকাৰ, আৰু তেওঁৰ গৰ্বৰ কথা শুনিলোঁ, তেওঁৰ আত্মগৌৰৱ, আৰু তেওঁৰ ক্রোধৰ বিষয়েও শুনিলো; কিন্তু তেওঁৰ আত্মগৌৰৱ মূল্যহীন।
এতিয়া মই নবূখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছোঁ; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহংকাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।
কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।
কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”