মীখায়াই পুনৰায় ক’লে, “বাৰু, তুমি যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ; সোঁফালে আৰু বাওঁফালে তেওঁৰ ওচৰত স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
যিৰি 44:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তাত বাজে যিৰিমিয়াই সকলো লোকসকলক আৰু সকলো মহিলাক ক’লে, “হে মিচৰ দেশত থকা আটাই যিহূদী লোকসকল, যিহোৱাৰ বাক্য শুনা। |
মীখায়াই পুনৰায় ক’লে, “বাৰু, তুমি যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ; সোঁফালে আৰু বাওঁফালে তেওঁৰ ওচৰত স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
হে চদোমৰ শাসনকৰ্ত্তাসকল, যিহোৱাৰ বাক্য শুনা; হে ঘমোৰাৰ লোকসকল আমাৰ ঈশ্বৰৰ বিধানলৈ মনোযোগ দিয়া।
তেতিয়া হে যিহূদাৰ অৱশিষ্ট ভাগ, তোমালোকে যিহোৱাৰ বাক্য শুনা। ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে যদি মিচৰত সোমাবলৈ একেবাৰে সেইফালে মুখ কৰা আৰু তাত বাস কৰিবলৈ যোৱা,
এই হেতুকে হে মিচৰৰ দেশত থকা আটাই যিহূদী লোকসকল, যিহোৱাৰ বাক্য শুনা: যিহোৱাই কৈছে, ‘চোৱা, মই মোৰ মহান নাম লৈ শপত খাইছোঁ, যে, যিহোৱাৰ জীৱনৰ শপত বুলি কৈ এই গোটেই মিচৰ দেশত কোনো যিহূদী লোকে মোৰ নাম আৰু মুখত নানিবা।”
যদিও তেওঁলোকে সেই বিষয়ে শুনক বা নুশুনক, কিন্তু তুমি হ’লে মোৰ বাক্য তেওঁলোকক ক’বা, কিয়নো তেওঁলোক অত্যন্ত বিদ্ৰোহী।
তেনেহ’লে এতিয়া আপুনি যিহোৱাৰ বাক্য শুনক; আপুনি কৈছে, ‘ইস্ৰায়েলৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ নকৰিবা আৰু ইচহাকৰ বংশৰ বিৰুদ্ধেও প্রচাৰ নকৰিবা।’