এই কাৰণে যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে অচুৰৰ ৰজাৰ সেনাপতি সকলক আনিলে; তেওঁলোকে মনচিক ধৰি হাঁকোটা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল।
যিৰি 4:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অশ্বাৰোহী আৰু ধনুৰ্দ্ধসকলৰ শব্দত নগৰখনেই পলাব। কোনো কোনোৱে ডাঠ হাবিত সোমাব, আৰু কোনো কোনোৱে শত্রুৰ হাতত নিহত হোৱাৰ পৰা ৰক্ষা পাবলৈ শিলত উঠিব। যিহূদাৰ গোটেই নগৰ ত্যাগ কৰা হ’ব; তাৰ মাজত বাস কৰোঁতা মানুহ কোনো নাথাকিব। |
এই কাৰণে যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে অচুৰৰ ৰজাৰ সেনাপতি সকলক আনিলে; তেওঁলোকে মনচিক ধৰি হাঁকোটা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল।
এজনৰ ভয় প্রদৰ্শনত এক হাজাৰ জন পলাই যাব, আৰু পাঁচজনৰ ভয় প্রদৰ্শনত তোমালোক পলাবা; যেতিয়ালৈকে তোমালোকৰ অৱশিষ্ট ভাগ পৰ্ব্বতৰ টিঙত থকা পতাকা দণ্ড, আৰু পৰ্ব্বতৰ ওপৰত থকা পতাকাৰ দৰে হ’ব।”
চোৱা! মই অনেক মাছ-মৰিয়া অনাম, “যিহোৱাই কৈছে”, তেওঁলোকে মাছ ধৰাদি তেওঁলোকক ধৰিব। পাছে মই অনেক ব্যাধ অনাম, তেওঁলোকে চিকাৰীৰ দৰে চিকাৰ কৰি প্ৰত্যেক পৰ্ব্বত, প্ৰত্যেক গিৰি আৰু শিলবোৰৰ খোৰোঙৰ পৰা তেওঁলোকক উলিয়াব।
এটা সিংহই নিজ গাতৰ পৰা ওলাই আন আন জন্তুবোৰক সংহাৰ কৰাৰ দৰে বহু জাতিক সংহাৰ কৰা সৈন্যই তোমালোকক আক্রমণ কৰিব। সৈন্যসকলে ইতিমধ্যে তোমালোকৰ দেশৰ অভিমুখে কুচকাৱাজ কৰি খোজ কাঢ়িবলৈ ধৰিছে। তেওঁলোকে তোমালোকৰ নগৰবোৰ ধ্বংশ কৰিব আৰু তাত থকা সকলোকে উচ্ছন্ন কৰি মানুহশূন্য কৰি এৰি থৈ যাব।
সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হ’লত, সকলো যুদ্ধাৰু লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল, তেতিয়া কলদীয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আছিল আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ’ল।
তেওঁলোকে ধনু আৰু বৰছা ধৰিব। তেওঁলোক নিষ্ঠুৰ আৰু দয়াহীন; তেওঁলোকৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা, আৰু তেওঁলোক ঘোঁৰাত উঠে; হে চিয়োন-জীয়াৰী, তোমাৰ বিৰুদ্ধে তেওঁলোক প্ৰতিজনে যুদ্ধাৰুৰ দৰে সাজু হৈ আছে।
মই প্ৰভুক বেদীৰ ওচৰত থিয় হৈ থকা দেখিলোঁ। প্রভুৱে ক’লে, “স্তম্ভবোৰৰ শীর্ষস্থানত আঘাত কৰা যাতে তাৰ ভেঁটিবোৰ কঁপি উঠে। সেই ঠাইৰ সকলো লোকৰ মূৰৰ ওপৰত যাতে সেইবোৰ ডোখৰ ডোখৰকৈ ভাঙি পৰে আৰু যি সকল জীয়াই থাকিব, মই তেওঁলোকক তৰোৱালেৰে বধ কৰিম; তেওঁলোকৰ মাজৰ এজনেও পলাই যাব নোৱাৰিব; তেওঁলোকৰ মাজৰ এজনেও সাৰিব নোৱাৰিব।
তেতিয়া লোক সকলে পর্বতবোৰক ক’বলৈ ধৰিব, ‘আমাৰ ওপৰত পৰা’, উপপর্ব্বতবোৰক কবলৈ ধৰিব, ‘আমাক ঢাকি ধৰা’।
যেতিয়া ইস্ৰায়েল লোকসকলে দেখিলে যে, তেওঁলোক বিপদত পৰিছে, কাৰণ লোকসকলে যাতনা পাইছিল, সেয়ে লোকসকলে গুহাত, হাবিত, শিলৰ খোৰোঙত দুৰ্গম ঠাইত আৰু গাতত নিজকে লুকুৱালে।