সেইদৰে বেবিলনৰ লোকসকলে চক্কোৎ-বনোতৰ মূর্তি, কুথৰ লোকসকলে নেৰ্গলৰ মূর্তি, হমাতৰ লোকসকলে অচীমা মূর্তি সাজিলে;
যিৰি 39:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল, অৰ্থাৎ নেৰ্গল-চৰেচৰ, চমগৰ-নবো, প্ৰধান নপুংসক চৰ্চখীম আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল সোমাই মধ্যম দুৱাৰত বহিল। |
সেইদৰে বেবিলনৰ লোকসকলে চক্কোৎ-বনোতৰ মূর্তি, কুথৰ লোকসকলে নেৰ্গলৰ মূর্তি, হমাতৰ লোকসকলে অচীমা মূর্তি সাজিলে;
মই কি কৈ আছোঁ, তাক শুনা: যিহূদাৰ উত্তৰ দিশত থকা ৰাজ্যবোৰৰ পৰা যিৰূচালেমলৈ আহিবলৈ মাতি পঠিয়াম। তেওঁলোকৰ ৰজাসকলে আহি যিৰূচালেমৰ দুৱাৰবোৰৰ সোমোৱা ঠাইত আৰু তাৰ চাৰিওফালে থকা গড়বোৰৰ সন্মূখত, আৰু আটাই নগৰবোৰৰ সন্মূখত নিজ নিজ সিংহাসন স্থাপন কৰি, এতিয়া তেওঁলোক যিহূদাৰ ৰজা বুলি, নিৰ্দেশ দিব।
‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: “চোৱা, বাবিলৰ ৰজাৰ বিৰুদ্ধে, আৰু গড়ৰ বাহিৰে তোমালোকক অৱৰোধ কৰোঁতা কলদীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰা তোমালোকৰ হাতৰ যুদ্ধাস্ত্ৰৰ মুখ ঘূৰাম আৰু তেওঁলোকক আনি এই নগৰৰ মাজ ঠাইত গোটাম।
তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “বাহিনীসকলৰ ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যে, তুমি যদি বাহিৰ ওলাই বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ ওচৰলৈ যোৱা, তেন্তে তোমাৰ প্ৰাণ থাকিব, আৰু এই নগৰ জুইৰে পোৰা নহ’ব আৰু তুমি সপৰিবাৰে জীয়াই থাকিবা।
এই হেতুকে নবুজৰদান ৰক্ষক-সেনাপতি, প্ৰধান নপুংসক নবুচৰ্জবান আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান বিষয়াসকলে মানুহ পঠিয়াই প্ৰহৰীৰ চোতালৰ পৰা যিৰিমিয়াক আনিলে।
তেওঁৰ অধিক ঘোঁৰাবোৰেৰে সৈতে তোমাক সেইবোৰৰ ধুলিয়ে ঢাকিব! মানুহে গড় ভাঙি নগৰত সোমোৱাদি তেওঁ তোমাৰ নগৰৰ দুৱাৰত সোমোৱা কালত অশ্বাৰোহী, গাড়ী আৰু ৰথৰ শব্দত তোমাৰ গড়বোৰ লৰিব।