অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিৰি 39:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিৰিমিয়া প্ৰহৰীৰ চোতালত বন্ধ থকা সময়ত তেওঁৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিছিল, বোলে,

অধ্যায়টো চাওক



যিৰি 39:15
8 পৰস্পৰ সংযোগসমূহ  

সেই প্ৰধান লোকসকলে যিৰিমিয়ালৈ ক্ৰোধ হৈ তেওঁক কোবাই যোনাথন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই হ’ল; কিয়নো তেওঁলোকে তাকেই বন্দীশাল কৰিছিল।


তেতিয়া, চিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে যিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে। আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটী নুঢুকাল, তেতিয়ালৈকে প্ৰতি দিনেই ৰুটীৱালা-পটিৰ পৰা এটা এটা ৰুটী আনি তেওঁক দিয়া হ’ল। এইদৰে যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।


তেওঁলোকে সেই ৰছীত ধৰি টানি কূপৰ পৰা যিৰিমিয়াক তুলিলে। তেতিয়াৰে পৰা যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।


তেতিয়াৰে পৰা যিৰূচালেম শত্রুৰ হাতত পৰা দিন নোহোৱালৈকে যিৰিমিয়া সেই প্ৰহৰীৰ চোতালত থকিল।


আৰু তেওঁক ঘৰলৈ লৈ যাবৰ কাৰণে চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গটাই দিলে; আৰু তেওঁ লোকসকলৰ মাজত বাস কৰিলে।


সেই শুভবার্তাৰ সম্বন্ধে মই শিকলিৰ বন্ধনত থাকি দুষ্কর্মীৰ দৰে ক্লেশ ভোগ কৰিছোঁ। কিন্তু ঈশ্বৰৰ সেই বাক্যত হ’লে শিকলিৰ বন্ধন নাই।