অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিৰি 33:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পৰ্ব্বতীয়া অঞ্চলত, নিম্ন-ভুমিৰ আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত, বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালৰ ঠাইবোৰত আৰু যিহূদাৰ নগৰবোৰত মেৰ-ছাগ গণনাকাৰী লোকৰ হাতৰ তলেদি মেৰ-ছাগৰ জাকবিলাক পুনৰায় গমন কৰিব। যিহোৱাই এই কথা কৈছে।

অধ্যায়টো চাওক



যিৰি 33:13
9 পৰস্পৰ সংযোগসমূহ  

আৰু তেওঁলোকে যিহূদাৰ নগৰবোৰৰ পৰা, যিৰূচালেমৰ চাৰিওফালৰ অঞ্চল, বিন্যামীন প্ৰদেশ, নিম্ন-ভুমি, পৰ্ব্বতীয়া অঞ্চল আৰু দক্ষিণ অঞ্চলৰ পৰা হোম আদি বলি, নৈবেদ্য আৰু ধূপ লৈ আহিব আৰু তেওঁলোকে যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি আনিব।


তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু মেৰ-ছাগৰ জাকৰ পোৱালিবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।


কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।”


তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহী দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম” - এয়ে যিহোৱাৰ ঘোষণা।


আৰু মই তোমালোকক দণ্ডডালিৰ তলেদি গমন কৰাম আৰু নিয়মটিৰ বান্ধনীলৈ আনিম;


আৰু গৰু বা মেৰ বা ছাগলীৰ জাকৰ আটাই দশমভাগ, লাখুটিৰ তলেদি যোৱা সকলৰ দশমভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।


ইস্ৰায়েলী লোকসকলৰ বন্দীত্বত থকা সৈন্য সমূহে কনানীয়াৰ পৰা চাৰিফতলৈকে অধিকাৰ কৰিব; আৰু চাফৰদত থকা যিৰূচালেমৰ বন্দী লোকসকলে দক্ষিণ অঞ্চলৰ নগৰবোৰ অধিকাৰ কৰিব।


তেনেহলে তেওঁ সেই নিৰানব্বৈটা মেৰক হাবিৰ মাজতে এৰি হেৰুৱাটোক বিচাৰি নাযাব নে?