যিৰি 24:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বোলে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: এই ঠাইৰ পৰা কলদীয়াসকলৰ দেশলৈ মই বন্দী কৰি পঠোৱা যিহূদাৰ লোকসকলক মই এই উত্তম ডিমৰু গুটিৰ দৰে মঙ্গলৰ অৰ্থে সুদৃষ্টি কৰিম। |
কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
এই হেতুকে যিৰূচালেমৰ পৰা বাবিললৈ মই পঠোৱা দেশান্তৰিত হোৱা যি তোমালোক, সকলোৱে যিহোৱাৰ বাক্য শুনা:
পত্রখনত এইদৰে কৈছিল, যে, “মই যিৰূচালেমৰ পৰা বাবিললৈ বন্দী কৰি নিয়া সকলো দেশান্তৰিত লোকক ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে:
এই হেতুকে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: মই জাতি সমূহৰ মাজৰ পৰা তোমালোকক সংগ্রহ কৰিম আৰু ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাই আনিম আৰু মই তোমালোকক ইস্ৰায়েলৰ দেশখন দিম।
তেওঁলোকে মোৰ বিধিত চলিব আৰু মোৰ শাসন-প্ৰণালীবোৰ পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব। তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
তথাপি যেতিয়া তেওঁলোক শত্ৰুবোৰৰ দেশত থাকিব, তেতিয়াও মই শেষ নথকাকৈ বিনষ্ট কৰিবৰ অৰ্থে বা তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটি ভাঙিবৰ কাৰণে তেওঁলোকক অগ্ৰাহ্য বা ঘিণ নকৰিম; কিয়নো মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা।
যিহোৱা মঙ্গলময়, সঙ্কটৰ দিনা তেওঁ দৃঢ় কোঁঠাস্বৰূপ; আৰু তেওঁত আশ্ৰয় লোৱা লোকসকলক তেওঁ জানে।
আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”
আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
কিন্তু এতিয়া আপোনালোকে ঈশ্বৰৰ পৰিচয় পালে, ইয়াৰ উপৰি ঈশ্বৰৰ দ্বাৰাই পৰিচিত হ’ল; এনে স্থলত কেনেকৈ পুনৰ সেই দূৰ্বল আৰু দীনহীন প্ৰাথমিক বিধিলৈ উলটি যাব? কেনেকৈ পুনৰ সেই বিধিবোৰৰ সেৱাকৰ্ম কৰিব পাৰিব?
তেওঁ সেই মৰুভূমিত আপোনালোক মান্না খাবলৈ দিছিল - যিটো আপোনালোকৰ পূর্বপুৰুষসকলে কেতিয়াও দেখা নাছিল। যিহোৱাই আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত আপোনালোকৰ সকলো ভাল হয়।
তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”
যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন পালটোৱা।