যিৰি 17:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে সেই আজ্ঞা শুনিবলৈ খোজ নাছিল, আৰু তালৈ কাণ দিয়া নাছিল, কিন্তু নুশুনিবলৈ আৰু শিক্ষা গ্ৰহণ নকৰিবলৈ নিজ নিজ ডিঙি ঠৰ কৰিছিল। |
সংশোধন গ্রহণ কৰা, তেতিয়া তুমি সত্য, ন্যায়পৰায়ণ, আৰু যথাৰ্থতাত জীয়াই থাকিব পাৰিবা।
জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া। আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথপ্রদৰ্শন কৰা;
যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি ঠৰ কৰে, সুস্থ হ’ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ’ব।
তুমি ক’বা, “মই কেনেকৈ শাসন প্রণালীক ঘিণ কৰিছিলোঁ। আৰু মোৰ অন্তৰে অনুযোগ হেয়জ্ঞান কৰিলে।
কাৰণ মই জানো, যে, তুমি অবাধ্য, তোমাৰ ডিঙিৰ মাংসপেশী লোহাৰ দৰে টান, আৰু তোমাৰ কপাল পিতলস্বৰূপ,
তেওঁলোকে মোৰ বাক্য শুনিবলৈ অস্বীকাৰ কৰা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰলৈ ঘূৰিল, আৰু দেৱপূজা কৰিবলৈ ইতৰ দেৱতাবোৰৰ পাছত গল; ইস্ৰায়েল আৰু যিহূদা বংশই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ লগত মই স্থাপন কৰা নিয়মটি ভাঙিলে।”
“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই এই নগৰ আৰু তাৰ সকলো উপনগৰৰ ওপৰত, তাৰ বিৰুদ্ধে মই কোৱা সকলো অমঙ্গল ঘটাম; কাৰণ, মোৰ বাক্য নুশুনিবৰ বাবে তেওঁলোকে নিজ নিজ ডিঙি ঠৰ কৰিলে’।”
তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে।
মই মোৰ সকলো দাস, ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু প্ৰভাতে উঠি তেওঁলোকক পঠিয়াই তোমালোকক কোৱাইছিলোঁ, “তোমালোকে এতিয়া নিজ নিজ কু-পথৰ পৰা ঘূৰি নিজ নিজ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰা। আন আন দেৱতাবোৰক সেৱাপূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহ’বা। তাৰ পৰিবৰ্ত্তে মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশলৈ তোমালোকে ঘূৰি আহা। তথাপিও তোমালোকে মোৰ কথালৈ কাণ দিয়া নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই।”
হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওঁলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।
হে যিৰূচালেম, সতৰ্ক হোৱা, নহ’লে মোৰ মন তোমাৰ পৰা নিলগত হব; নহ’লে মই তোমাক উচ্ছন্ন ঠাই আৰু নিবাসীহীন দেশ কৰিম।
তেতিয়া তুমি তেওঁলোকক ক’বা, ‘এয়ে নিজ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা বা শাস্তি গ্ৰহণ নকৰা জাতি; বিশ্বস্ততা নষ্ট হ’ল, আৰু এওঁলোকৰ মুখৰ পৰা তাক দূৰ কৰা হ’ল!
কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিধিমতে নচলিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে; কিয়নো তেওঁলোকৰ মন তেওঁলোকৰ প্রতিমাবোৰৰ পাছত চলি আছিল।
তেতিয়া মই কলোঁ, মই তেওঁলোকৰ ওপৰত মোৰ ক্রোধ বাকি দিবলৈ আৰু তেওঁলোকক মৰুপ্ৰান্তত মোৰ খঙত মই শেষ কৰিবলৈ বিচাৰিলো।
মই যিৰূচালেমক ক’লো, ‘এতিয়া তুমি অৱশ্যেই মোক ভয় কৰিবা আৰু মোৰ শাসন গ্ৰহণ কৰিবা। তাতে তোমাৰ নিবাস উচ্ছন্ন কৰা নহ’ব।’ এয়ে তোমাৰ বিষয়ে মই নিৰূপিত কৰা মোৰ পৰিকল্পনা। কিন্তু তাইৰ লোকসকলে ৰাতিপুৱাতে উঠি অতি আগ্রহেৰে সৈতে দুষ্টতাৰ কার্যবোৰ কৰি থাকিল।”
হে ঠৰ-ডিঙীয়া লোক সকল, হৃদয় আৰু কাণৰ চুন্নৎ নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্রতিৰোধ কৰে; পূৰ্ব-পুৰুষ সকলে যেনেদৰে কৰিছিল, আপোনালোকে সেইদৰেই কৰিছে।
মই তোমালোকক কৈছিলোঁ, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা; মই তোমালোকক আজ্ঞা দিছিলোঁ যে যিসকলৰ ভূমিত তোমালোকে বাস কৰিছা সেই ইমোৰীয়াসকলৰ দেৱ-দেৱীৰ পূজা তোমালোকে নকৰিবা’। কিন্তু তোমালোকে মোৰ কথা নুশুনিলা।”