যিহো 24:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া যিহোচূৱাই সেই সকলো কথা ঈশ্বৰৰ বিধান-পুস্তকখনিত লিখি হ’ল আৰু এটা ডাঙৰ শিল লৈ, যিহোৱাৰ ধৰ্মধামৰ ওচৰত থকা এৰা গছৰ তলত স্থাপন কৰিলে। |
তেতিয়া তেওঁলোকৰ হাতত বিদেশৰ যিমানবোৰ দেৱ-দেৱী আছিল যাকোবক দিলে। তাৰ লগতে কাণৰ কুণ্ডলবোৰো যাকোবক দিলে; যাকোবে সেই সকলোকে লৈ চিখিম নগৰৰ ওচৰত ওচৰৰ এলা গছজোপাৰ ত’লতে পুতি থলে।
ইতিমধ্যে ৰিবেকাৰ ধাত্রী দবোৰাৰ মৃত্যু হ’ল। তেওঁক বৈৎএলৰ ওচৰত থকা এজোপা ওক গছৰ তলত মৈদাম দিয়া হ’ল; সেই কাৰণে সেই ঠাইৰ নাম অল্লোন-বাখুৎ হ’ল।
তাৰ পাছত মোচিয়ে যিহোৱাৰ সকলো বাক্য লিখিলে। ৰাতিপুৱাই উঠি, মোচিয়ে পৰ্ব্বতৰ তলত এটা যজ্ঞবেদী আৰু ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে বাৰটা স্তম্ভ নিৰ্ম্মাণ কৰিলে।
তাৰ পাছত চিখিমৰ আৰু বৈৎ-মিল্লোৰ নেতাসকলে একেলগে আহি চিখিমৰ স্তম্ভৰ ওচৰত থকা ওক গছজোপাৰ কাষলৈ গৈ অবীমেলকক ৰজা পাতিলে।
তাৰ পাছত চমূৱেলে এটা শিল লৈ মিস্পা আৰু চেনৰ মাজ ঠাইত স্থাপন কৰিলে; আৰু “এতিয়ালৈকে যিহোৱাই আমাক সহায় কৰিলে” এইবুলি তাৰ নাম এবেন-এজৰ ৰাখিলে।