অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিহো 2:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু মহিলা গৰাকীয়ে সেই মানুহ দুজনক লুকুৱাই থৈ ক’লে, “হয়, সঁচাকৈ সেই মানুহকেইজন মোৰ ওচৰলৈ আহিছিল, কিন্তু সিহঁত ক’ৰ পৰা আহিছিল, সেই বিষয়ে মই নাজানিলোঁ৷

অধ্যায়টো চাওক



যিহো 2:4
9 পৰস্পৰ সংযোগসমূহ  

পাছত ইলীচাই অৰামীয়াসকলক ক’লে, “এইটো সেই বাট নহয় আৰু সেই নগৰো নহয়। আপোনালোক মোৰ পাছে পাছে আহঁক, আপোনালোকে যাক বিচাৰিছে, মই সেই মানুহৰ ওচৰলৈ আপোনালোকক লৈ যাম।” এইবুলি তেওঁ তেওঁলোকক চমৰিয়ালৈ লৈ গ’ল।


তেতিয়া ধাত্ৰী দুজনীয়ে ফৰৌণক ক’লে, “ইব্ৰীয়া মহিলা সকল মিচৰীয়া মহিলা সকলৰ দৰে নহয়; তেওঁলোক সবল, আৰু তেওঁলোকৰ ওচৰলৈ ধাত্ৰী অহাৰ আগতে, তেওঁলোকে নিজে সন্তান প্ৰসৱ কৰে।”


সেইদৰে ৰাহাব বেশ্যায়ো কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত নহ’ল নে; যেতিয়া তেওঁ দূত সকলক আলহী কৰি ৰাখিছিল আৰু পাছত আন বাটেদি পঠিয়াই দিছিল?


তেতিয়া যিৰীহোৰ ৰজাই ৰাহাবলৈ এই কথা কৈ পঠিয়ালে বোলে, “তোৰ ওচৰলৈ অহা যি মানুহকেইজন এতিয়া তোৰ ঘৰত আহি আছে, সিহঁতক বাহিৰলৈ উলিয়াই দে; কিয়নো সিহঁতে গোটেই দেশত চোৰাংচোৱাগিৰি কৰিবলৈ আহিছে৷”


সন্ধিয়া হওতেই সিহঁত ওলাই গ’ল, তেতিয়া নগৰৰ দুৱাৰ প্ৰায় বন্ধ কৰা সময় হৈছিল৷ সিহঁত ক’লৈ গ’ল, সেই বিষয়ে মই ক’ব নোৱাৰোঁ; সম্ভৱতঃ তোমালোকে পাছে পাছে বেগাই খেদি গ’লে সিহঁতক ধৰিব পাৰিবা।”


কিন্তু নগৰ আৰু তাৰ ভিতৰত থকা সকলোৱেই যিহোৱাৰ উদ্দেশে বৰ্জিত হ’ব৷ কেৱল ৰাহাব বেশ্যা আৰু তাইৰ ঘৰত তাইৰ লগত থকা আটাইবোৰ লোক জীয়াই থাকিব; কিয়নো আমি পঠোৱা দূতকেইজনক তাই লুকুৱাই ৰাখিছিল।


কিন্তু যিহোচূৱাই ৰাহাব বেশ্যাক আৰু তাইৰ বাপেকৰ বংশৰ লগতে তাইৰ সকলোকে জীয়াই ৰাখিলে৷ তাই আজিলৈকে ইস্ৰায়েলৰ মাজত বাস কৰি আছে; কিয়নো যিহোচূৱাই গোপনে যিৰীহোৰ বুজ-বিচাৰ ল’বলৈ পঠোৱা চোৰাংচোৱা দূত কেইজনক তাই লুকুৱাই ৰাখিছিল।